নিউজ ডেস্ক: উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ ঘৰত জব্দ হৈছে ৬৫ লাখ টকা। অভিযানকাৰী দলে এই সম্পৰ্কত অধিক অনুসন্ধান চলাই আছে।
উল্লেখ্য যে বৃহস্পতিবাৰে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে গুৱাহাটীত উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত হাতে লোটে ধৰি গ্ৰেপ্তাৰ কৰিছিল সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক।
গ্ৰেপ্তাৰ কৰা বিষয়াগৰাকীয়ে অভিযোগকাৰীৰ পৰা জি এছ টিৰ অনলাইন কাম-কাজ পুনৰ সক্ৰিয় কৰাৰ বাবে ধন দাবী কৰিছিল।
গ্ৰেপ্তাৰ পিছতেই এজন বিষয়াই জনাইছিল, ‘উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ কাষ চাপিছিল। সেই অনুসৰি গুৱাহাটীৰ কৰ ভৱনত ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোটৰ এটা দলে জাল পাতিছিল আৰু অভিযোগকাৰীৰ পৰা ৪ হাজাৰ টকা উৎকোচৰ ধন গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে বিষয়াগৰাকী হাতে লোটে ধৰা পেলায়।’