নিউজ ডেস্ক: মণিপুৰৰ ৰাজ্যপালৰ অধ্যক্ষতাত মণিপুৰত শান্তি সমিতি গঠন ভাৰত চৰকাৰৰ। কমিটীৰ সদস্যসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা। কমিটীত প্ৰাক্তন চৰকাৰী কৰ্মচাৰী, শিক্ষাবিদ, সাহিত্যিক, শিল্পী, সমাজকৰ্মী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হৈছে।

সংঘাতপূৰ্ণ গোটৰ মাজত শান্তিপূৰ্ণ আলোচনাকে ধৰি ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি প্ৰক্ৰিয়াৰ সুবিধা প্ৰদান কৰাটোৱেই এই সমিতিৰ কাৰ্যভাৰ হ’ব। সমিতিখনে সামাজিক সংহতি, পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আন্তৰিক যোগাযোগৰ সুবিধা প্ৰদান কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত ২৯ মে’ৰ পৰা ১ জুনলৈ মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈ শান্তি সমিতি গঠনৰ কথা ঘোষণা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply