নিউজ ডেস্ক : ৰাজ্যসভাৰ নৱ মনোনীত সাংসদ তথা অলিম্পিকৰ প্ৰাক্তন ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ পি টি ঊষাই বুধবাৰে উচ্চ সদনত শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ ভেংকাইয়া নাইডুৱে পিটি ঊষাক শপত পাঠ কৰায়। ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰে পিটি ঊষাক।
পিটি ঊষাক ১৯৮৩ চনত অৰ্জুন বঁটা আৰু ১৯৮৫ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল, যিটো দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। এতিয়া পিটি ঊষা ৰাজ্যসভালৈ মনোনীত হৈছে। ১৯৮৪ চনৰ অলিম্পিক গেমছত পিটি ঊষাই চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যসভাৰ ২৪৫ গৰাকী সদস্যৰ ভিতৰত ১২ গৰাকী ৰাষ্ট্ৰপতিয়ে নিৰ্বাচিত কৰে। যিজন ব্যক্তিয়ে শিল্প, সাহিত্য, জ্ঞান, ক্ৰীড়া আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়াইছে, তেওঁক সাংসদ হিচাপে নিৰ্বাচিত কৰা হয়।
ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ অধিকাৰ নাই এইসকল সাংসদ। ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী খেলুৱৈ আছিল কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ। পিটি ঊষাৰ ঘৰ কেৰেলাত। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতে পিটি ঊষাই দৌৰিবলৈ আৰম্ভ কৰিছিল। ১৯৮০ চনত ১৬ বছৰ বয়সত পিটি ঊষাই মস্কোত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ইয়াৰ চাৰি বছৰৰ পিছত ১৯৮৪ চনত পিটি ঊষাই অলিম্পিক গেমছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়।
লগতে পঢ়ক – আৰক্ষীৰ গুলীত নিহত কুখ্যাত গো মাফিয়া আদম আলী
মাত্ৰ সামান্য ব্যৱধানত পিটি ঊষা অলিম্পিকৰ পদক লাভৰ পৰা বঞ্চিত হৈছিল। ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছত পিটি ঊষাই চাৰিটা সোণৰ পদক লাভ কৰিছিল। পিটি ঊষাই ৪০০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ দৌৰ, ২০০ মিটাৰ আৰু ৪x৪০০ দৌৰত সোণৰ পদক লাভ কৰিছিল।