বৰপেটা : বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্বত পদ্মা দাস। পদ্মা দাসক বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। অঞ্জুৱাৰা বেগমৰ পদত্যাগৰ পিছতে পদ্মা দাসক দায়িত্ব প্ৰদান।
বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমৰ পত্যাগৰ পিছতে বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে বহৰিৰ পদ্মা দাসক দায়িত্ব প্ৰদান কৰা হৈছে। অঞ্জুৱাৰা বেগমৰ পদত্যাগৰ পিছতে ততাতৈয়াকৈ পদ্মা দাসক এই দায়িত্ব প্ৰদান কৰা হৈছে।
লগতে পঢ়ক – লামডিং ৰে’ল ষ্টেচনত পুনৰ জব্দ গাঞ্জা আৰু বাৰ্মীজ চুপাৰি
বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দায়িত্ব লাভ কৰা পদ্মা দাসক জিলাখনৰ কংগ্ৰেছ কৰ্মী সকলে অভিন্দন জ্ঞাপন কৰিছে। উল্লেখ্য যে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে বৰপেটা জিলা কংগ্ৰেছ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে অঞ্জুৱাৰা বেগমে পদত্যাগ কৰিছিল।