নিউজ ডেস্ক: ধৰ্মীয় গ্ৰন্থক অসন্মান কৰাৰ অভিযোগত পাকিস্তানত একাংশ উন্মত্ত লোকে এজন ব্যক্তিক শিলগুটিৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে। শনিবাৰে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱত উক্ত ঘটনা সংঘটিত হৈছে।
দেওবাৰে দেশখনৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে লাহোৰৰ পৰা ২৭৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত খানেৱাল জিলাত শনিবাৰে গাঁৱৰ লোকসকল সন্ধিয়াৰ প্ৰাৰ্থনাৰ বাবে গোট খোৱা সময়ত এই ঘটনা সংঘটিত হয়। ঘটনাটোৰ কেইবাটাও ভিডিঅ’ ইতিমধ্য ভাইৰেল হৈ পৰিছে।
আৰক্ষীৰ মতে এজন লোকে ইচলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ কোৰানৰ পৃষ্ঠা ফালি জ্বলাই দিয়া বুলি ঘোষণা কৰাৰ পিছতে সংঘটিত হয় উক্ত ঘটনাটো। ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্তিত হৈছিল যদিও তেওঁলোকে মানুহৰ জুমটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।
প্ৰত্যক্ষদৰ্শীয়ে ভাষ্য অনুসৰি প্ৰায় ৩০০ জনীয়া বৃহৎ আক্ৰমণকাৰীৰ দলে লোকজনক আৰক্ষীৰ জিম্মাৰ পৰা উলিয়াই আনি এজোপা গছত বান্ধি তেওঁক বিনা-বিচাৰে হত্যা কৰি গছজোপাত উলমাই থয়।
নিহত লোকজনক বৰা চাক গাঁৱৰ মুস্তাক আহমেদ বুলি চিনাক্ত কৰা হৈছে। গাঁৱৰ লোকসকলো জনোৱা মতে মুস্তাক মানসিকভাৱে সুস্থ নাছিল আৰু তেওঁ যোৱা বহুদিন ধৰি ঘৰৰ পৰা আঁতৰি আছিল।
ঘটনা সম্পৰ্কত আৰক্ষীয়ে ৩০০ জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ ৬২ জনক ইতিমধ্য গ্ৰেপ্তাৰ কৰাৰ লগতে বাকী দোষীক আটক কৰিবলৈ অভিযান চলাই আছে। দেশখনৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে উক্ত ঘটনাত তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে দোষী তথা ‘কৰ্তব্য পালনত ব্যৰ্থ’ হোৱা আৰক্ষীৰ বিৰুদ্ধে ‘কঠোৰ আইনী ব্যৱস্থা’ গ্ৰহণ কৰা হ’ব বুলি কয়।
লগতে পঢ়ক – কমাৰগাঁৱত ৰাজহুৱা খেলপথাৰৰ নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ