নিউড ডেস্কঃ ৰাজনৈতিক উত্তেজনাৰ বাবে ভাৰতে পাকিস্তানত এছিয়া কাপ খেলিবলৈ অস্বীকাৰ কৰাৰ পিছত পাকিস্তানেও এতিয়া ভাৰতত বিশ্বকাপ খেলিবলৈ নহাৰ সিদ্ধান্ত লৈছে। তিনিদিনৰ পূৰ্বে পাকিস্তানৰ ক্ৰীড়া মন্ত্রী এহছান মাজাৰিয়ে কৈছিল যে, ভাৰতে যদি এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাহে, তেন্তে পাকিস্তানেও বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাযায়।
ইয়াৰ পিছেতই সোমবাৰে আকৌ এহছান মাজাৰিয়ে কয়, পাকিস্তান ক্রিকেট ব’ৰ্ডৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জাকা আশ্ৰফে আই চি চিৰ বৈঠকত ভাগ লৈ পাকিস্তানৰ মেচ সমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ বাবে দাবী ৰাখিব।
পিছে, বৰ্তমানলৈকে পাকিস্তানৰ সিদ্ধান্তক আই চি চি ব’ৰ্ডে প্ৰত্যাখান জনাই আহিছে। পিছে এই পাকিস্তানৰ নতুন দাবী আই চি চিয়ে মানি লৈনে সেইয়া হে লক্ষণীয় হ’ব।
লগতে পঢ়ক – দিছপুৰ ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ