নিউজ ডেস্ক– পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰাণ খানক পাকিস্তানৰ অৰ্ধসামৰিক ৰেঞ্জাৰে দুৰ্নীতিৰ গোচৰৰ শুনানিৰ বাবে ইছলামাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, লাহোৰৰ পৰা ৰাজধানী ইছলামাবাদলৈ যোৱা পাকিস্তান তেহৰিক-ই-ইনচাফৰ অধ্যক্ষগৰাকীক ৰেঞ্জাৰসকলে নিজৰ জিম্মাত লয়। তেওঁ এণ্টি গ্রাফ্ট চার্জত আদালতত উপস্থিত হ’বলৈ ইছলামাবাদলৈ আহিছিল। এই কথা তেওঁৰ হৈ ওকালতি কৰা পিটিআইৰ অধিবক্তা ফৈজল চৌধুৰীয়ে নিশ্চিত কৰে।

জানিব পৰা মতে, বাহৰিয়া টাউন নামৰ ব্যক্তিগত ৰিয়েল এষ্টেট কোম্পানীটোৱে ইমৰান খান আৰু তেওঁৰ পত্নীৰ মালিকানাধীন আল কাদিৰ ট্ৰাষ্টক ৫৩ কোটি পাকিস্তানী টকাৰ মাটি আবণ্টন দিছিল। এই গোচৰ অনুসৰিয়ে ৰাষ্ট্ৰীয় জবাবদিহিতা সংস্থাৰ নিৰ্দেশত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। যোৱা ১ মে’ত ৰিয়েল এষ্টেট কোম্পানীটোৱে ইমৰান খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।

পিটিআইৰ এগৰাকী প্ৰবক্তা তথা প্ৰাক্তন মন্ত্ৰী চিৰিন মাজাৰীয়ে এক টুইটত কয়, “ৰাষ্ট্ৰ সন্ত্ৰাসবাদ- আদালত চৌহদৰ পৰা ইমৰাণ খানক অপহৰণ কৰিবলৈ আইএইচচি চৌহদত প্ৰৱেশ কৰে। জংঘলৰাজ চলি আছে। ৰেঞ্জাৰসকলে উকীলসকলক প্ৰহাৰ কৰিছে, ইমৰাণ খানৰ ওপৰতো হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু তেওঁক অপহৰণ কৰিছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply