নিউজ ডেস্কঃ ‘ৱাৰিছ পাঞ্জাব দে’ৰ মগজু হিচাপে খ্যাত পাপলপ্ৰীত সিঙক সোমবাৰে পঞ্জাৱৰ হোচিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীতক পঞ্জাৱ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল য’ত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ এ) শাখাও জড়িত আছে।    

শেহতীয়াকৈ সামাজিক মাধ্যমত অমৃতপাল সিঙৰ বিভিন্ন ফটো ভাইৰেল হোৱাৰ সময়ত তেওঁৰ সৈতে পাপলপ্রীতকো দেখা গৈছিল। জানিব পৰা অনুসৰি, পাপলপ্ৰীতক অমৃতপালৰ পৰামৰ্শদাতা বুলি গণ্য কৰা হয় আৰু পাকিস্তানৰ আইএছআইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আছে।

প্ৰতিদিন সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি, পাপলপ্ৰীত সিঙক গ্ৰেপ্তাক কৰাৰ লগে লগেই কটকীয়া নিৰাপত্তাৰ মাজেৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়। সিঙক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। যাৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল নহ’লেও এবছৰলৈ তেওঁক আটক কৰি ৰাখিব পাৰে আৰক্ষীয়ে। বৰ্তমান লৈকে পাপলপ্রীত সিঙকে ধৰি অমৃতপাল সিঙৰ মুঠ ৮ জন সহযোগীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা আঠ খালিস্তানীক আইনী সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে পঞ্জাবৰ পৰা সোমবাৰে তিনিজনীয়া অধিবক্তাৰ দল ডিব্ৰুগড়ত উপস্থিত হয়। তিনিজনীয়া অধিবক্তাৰ দলটো আছে ভৱন্ত সিং চিয়ালকা, মনদীপ সিং সিদ্ধ আৰু ৰোহিত শর্মা। অধিবক্তাৰ দলটোৱে কাৰাবন্দী খালিস্তানীৰ পৰা জবানবন্দী লোৱা বুলিও জানিব পৰা গৈছে।

কেতিয়ালৈ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিঙ,

পঞ্জাৱ আৰক্ষীয়ে শেহতীয়া ভাৱে জনোৱা অনুসৰি, পাপলপ্ৰীত সিঙৰ গ্ৰেপ্তাৰে অমৃত পাল সিঙৰো গ্ৰেপ্তাৰ চমুৱাই আনিছে বুলি আৰক্ষীয়ে কয়। অমৃত পাল সিঙক গ্ৰেপ্তাৰ বাবে অভিযান বৰ্তমান তীব্ৰতৰ কৰি দিয়া হৈছে যাৰ বাবে পঞ্জাৱ আৰক্ষীৰ সকলো ছুটী বাতিল কৰি দিয়া হৈছে।

কোন এই পাপলপ্ৰীত সিঙ,

চোৰাংচোৱা সংস্থাৰ মতে, পাপালপ্ৰীতে পঞ্জাৱত খালিস্তানৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আইএছআইৰ সৈতে পোনপটীয়া যোগাযোগ থাকে। ৪০ বছৰীয়া পাপলপ্ৰীত সিং এজন কৃষকৰ পৰিয়ালত জন্ম। তেওঁ এখন কনভেন্ট স্কুলত পঢ়িছিল আৰু খবৰ অনুসৰি পিজি ডিপ্লোমা সম্পূৰ্ণ কৰা। পাপলপ্ৰীত সিঙে ২০ বছৰ বয়স অতিক্ৰম কৰি এজন কৰ্মী হৈ পৰিছিল। খালিস্তানক সমৰ্থন কৰাৰ উপৰিও, পাপলপ্ৰীতে ১৯৯০ চনত কাৰাগাৰত বন্দী শিখ বন্দীসকলৰ মুক্তিৰ বাবে এক আন্দোলনৰ নেতৃত্ব দিছিল। প্ৰাপ্ত তথ্য অনুসৰি, পাপলপ্ৰীতে নিজকে এজন ভিডিঅ’ সাংবাদিক আৰু কৰ্মী হিচাপে পৰিচয় দিয়ে।

দেশদ্ৰোহৰ এটা গোচৰ আগতে পঞ্জীয়ন কৰা আছে পাপলপ্ৰীতৰ বিৰুদ্ধে,

ইয়াৰ আগতে, ২০১৭ চনত তেওঁ চিমৰণজিৎ সিং মানৰ দল শিৰোমণি অকালি দলত যোগদান কৰিছিল, কিন্তু ৯ মাহৰ পিছতেই দল ত্যাগ কৰে। একে সময়তে, অনুসন্ধানকাৰী সংস্থাবোৰে জানিব পাৰিছিল যে, পাপলপ্ৰীতে খালিস্তান প্ৰচাৰ ৱেবছাইট এটাও চলায়। অনুসন্ধান কৰাৰ ফলত জানিব পৰা গৈছিল যে, পাংপালপ্ৰীত ৱাৰিছ পঞ্জাৱ দে সংগঠনটো অস্তিত্বত অহাৰ আগতেই পঞ্জাৱত সক্ৰিয় আছিল। ইয়াৰ পূৰ্বে, শিৰোমণি অকালি দল (বাদল) চৰকাৰে ২০১৫ চনৰ নৱেম্বৰত পাপলপ্ৰীতৰ বিৰুদ্ধে আইএছআইৰ সৈতে সম্পৰ্কৰ অভিযোগত ৰাজদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক – আপলৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান নিৰ্বাচনী আয়োগৰ, TMC, NCP আৰু CPI য়ে হেৰুৱালে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply