নলবাৰী : পশ্চিম নলবাৰীৰ পখুৰাত বানাক্ৰান্তৰ মাজত অংগৰাগ পাপন মহন্ত। বোকাপানী গছকি, কলৰ ভূৰত উঠি বানাক্ৰান্তৰ খবৰ ল’লে অংগৰাগ পাপন মহন্তই। বানপানী হ’বই কিন্তু তাৰ মাজতেই হাঁহিমুখে থাকিব পৰাটোহে আচল কথা বুলিমন্তব্য প্ৰকাশ কৰি বানাক্ৰান্তক সাহস দিলে অংগৰাগ পাপন মহন্তই।
নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ কুৰিখনতকৈও অধিক গাঁও বুঢ়াদিয়া, মৰাপাগলদিয়া আৰু কানাইখুন্দাৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে।কেইবাহাজাৰ পৰিয়ালে নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে । খোৱা পানী, খাদ্য, চিকিৎসা সেৱাৰ অভাৱে জুৰুলা কৰিছে বন্যাৰ্ত সকলক। এনে এক দুৰ্যোগৰ সময়ত শনিবাৰে পশ্চিম নলবাৰীৰ বানাক্ৰান্তৰ মাজত উপস্থিত হ’ল অংগৰাগ পাপন মহন্ত।
অংগৰাগ পাপন মহন্তৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত পূৱ পখুৰা গাঁৱৰ ৬৩ টা বানাক্ৰান্ত পৰিয়ালক বান সাহায্য প্ৰদান কৰে অংগৰাগ পাপন মহন্তই। প্ৰলয়ংকাৰী বানত বাট-পথ চিঙি যোৱাত বোকাপানী গছকি, কলৰ ভূৰত উঠি বানাক্ৰান্তৰ কাষলৈ যায় অংগৰাগ পাপন মহন্ত। উক্ত অনুষ্ঠানত স্বেচ্ছাসেৱী সংস্থাটোৰ ভালেকেইজন কৰ্মকৰ্তাই উপস্থিত থাকি পাপনক সংগ দিয়ে। গাঁৱৰ মানুহৰ সৰলতাৰ কথা কৈ গাঁওখনলৈ আহি খুব ভাল লগা বুলি মত প্ৰকাশ কৰে অংগৰাগ পাপন মহন্তই।