নিউজ ডেস্ক– কালি ৱাৰিছ পাঞ্জৱ দেৰ মুৰব্বী অমৃত পাল সিঙক সাক্ষাৎ কৰিবলৈ তেওঁৰ পিতৃ আৰু মাতৃ আহি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰাত উপস্থিত হয়। পঞ্জাবৰ পৰা অহা অমৃতপালৰ পিতৃ-মাতৃৰ সংগ দিয়ে অধিবক্তাদ্বয় ক্ৰমে ৰোহিত শৰ্মা আৰু ৰাজদেৱ সিং খালছাই। ৰাজদেৱ সিং পঞ্জাবৰ এগৰাকী প্ৰাক্তন সাংসদ।

উল্লেখযোগ্য যে অমৃতপাল সিং ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বিগত ২৩ এপ্ৰিলত পঞ্জাবৰ মগা জিলাত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁ ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ আছে।

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহি অমৃতপাল সিঙৰ পিতৃ তাৰচেম সিঙে কয় যে তেওঁৰ পুত্ৰ কাৰাগাৰত ভালকৈ আছে। অমতৃপালে পিতৃ-মাতৃৰ পৰা তেওঁলোকৰ আত্মীয়-স্বজনৰ খবৰ লয়। কাৰাগাৰত একো অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি জানিবলৈ দিয়ে। অমৃতপাল সিঙক বিনা দোষত পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলিও পিতৃ তাৰচেম সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আনহাতে অধিবক্তা ৰোহিত শৰ্মাই কয় যে গ্ৰেপ্তাৰ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজ পুত্ৰক সাক্ষাৎ কৰিবলৈ তাৰচেম সিং আৰু বলবিন্দ কৌৰ ডিব্ৰুগড়লৈ আহিছে। আজি অধিবক্তাগৰাকীয়ে অমৃতপাল সিঙৰ খুৰাক হজিৎ সিঙক সাক্ষাৎ কৰে। হৰজিৎ সিং ২১ মাৰ্চৰ পৰা ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ আছে। ইতিমধ্যে গঠন কৰি দিয়া অধিবক্তা মণ্ডলীয়ে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত ৱাছি পঞ্জাব দেৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনৰ বিপৰীতে অন্য ধাৰাত গ্ৰেপ্তাৰ হোৱাসকলৰ বাবে জামিনৰ আৱেদন দাখিল কৰা বুলিও জনায়। ডিব্ৰুগড় কাৰাগাৰত বন্দী অমৃতপাল সিং আৰু ৯ সমৰ্থকৰ ক্ষেত্ৰত বৰ্তমানলৈকে জামিনৰ আৱেদন দাখিল কৰা নাই বুলি তেওঁ উল্লেখ কৰে।

লগতে, ডিব্ৰুগড় কাৰাগাৰত অমৃতপাল আৰু তেওঁৰ আন ৯গৰাকী সমৰ্থক ক্রমে- পাপলপ্রীত সিং, হৰজিৎ সিং, দলজিৎ সিং কালছি, কুলৱন্ত সিং বালেৱাল, ভাৰিন্দৰ সিং জহাল, গুৰমীট সিং বুক্কানৱালা, ভগৱন্ত সিং, বচন্ত সিং আৰু গুৰীন্দৰ সিং আউজলা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবাস খাটি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply