গুৱাহাটী : ইজনৰ পিছত সিজনে এৰিছে কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছতে এইবাৰ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআই’ৰ প্ৰাক্তন সভাপতিয়ে কংগ্ৰেছ দল ত্যাগ কৰিলে।

এনএছইউআই’ৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰে। দীর্ঘসময় ধৰি কংগ্ৰেছ দলৰ লগত জড়িত থকা পাৰ্থপ্ৰতিম বৰাই এমাহ পূৰ্বে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল।

লগতে পঢ়ক – ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল ১৫খনকৈ যন্ত্ৰচালিত নাও

সোমবাৰে কংগ্ৰেছ এৰি অগপ’ত যোগদান কৰা পাৰ্থপ্ৰতিম বৰাক দললৈ আদৰণি জনায় মন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰ সময়ত ৰাজ্যিক এনএছইউআই’ৰ সভাপতি আছিল পাৰ্থপ্ৰতিম বৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply