নিউজ ডেস্ক: সম্প্ৰতি সমগ্ৰ দেশতে সমকামী বিবাহক লৈ এক গুৰুত্বৰ আৰু ব্যাপক বিৰ্তক চলি আছে। সমকামী বিবাহৰ এই বিৰ্তকৰ মাজতে দৃষ্টি নাৰী অধ্যয়ন আলোকপাত কেন্দ্ৰই বিশ্বব্যাপী এক সমীক্ষাও আৰম্ভ কৰিছে। ইয়াত মূলত চাৰিটা প্ৰশ্নৰ ওপৰত জনতাৰ মতামত বিচৰা হৈছে।

সমলিংগ বিবাহ সন্দৰ্ভত দৃষ্টি অধ্যয়ন কেন্দ্ৰৰ প্ৰথম প্ৰশ্নটো হ’ল- ভাৰতত সমলিংগ বিবাহ এক গুৰুত্বৰ সামাজিক বিষয় বুলি আপুনি বিশ্বাস কৰেনে?

দ্বিতীয়তে, সমকামীতা স্বভাৱিক বুলি আপুনি ভাবেনে?

তৃতীয়তে, ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াতো উচিত হ’বনে?

চতুৰ্থতে, ভাৰতত সমলিংগ বিবাহ বৈধকৰণৰ ফলত ভাৰতীয় সমাজৰ বাবে অনুচিত পৰিণতি হ’ব নেকি?

নাৰী সম্পৰ্কীয় প্ৰশ্নৰ গৱেষণা কৰা প্ৰতিষ্ঠিত সামাজিক সংস্থা দৃষ্টিই বিভিন্ন বয়সৰ আৰু বিভিন্ন ঠাইৰ লোকক এই বিষয়ত মতামত দিবলৈ আহ্বান জনাইছে। গুগলৰ জৰিয়তে আপুনি এই মতামত প্ৰকাশ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply