নিউজ ডেস্ক: দক্ষিণ কোৰিয়া অভিমুখী এছিয়ানা এয়াৰলাইন্সৰ চলন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খোলাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক।

ডিয়েগো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ সময়তো দুৱাৰখন খোলা আছিল। আকাশৰ মাজত হঠাতে জৰুৰীকালীন দুৱাৰখন খোলাৰ ফলত বিমানখনৰ ভিতৰৰ বহু যাত্ৰী প্ৰচণ্ড বতাহৰ বাবে অজ্ঞান হৈ পৰিছিল। কিছুমান যাত্ৰীৰ উশাহ-নিশাহ লোৱাতো কষ্ট হয়। অসুস্থ আটাইকেইজন যাত্ৰীক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

ইতিমধ্যে অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জেজু দ্বীপৰ পৰা উৰা মৰা বিমানখন ভূপৃষ্ঠৰ পৰা ২৫০ মিটাৰ উচ্চতাত থকা সময়ত সংঘটিত হৈছিল এই ঘটনা। বিমানখনৰ দায়িত্বত থকা কৰ্মীসকলে অৱতৰণৰ সময়ত লোকজনক ৰখাবলৈ চেষ্টা কৰে। জানিব পৰা মতে, ব্যক্তিজনে বিমানখনৰ পৰা জপিয়াবলৈ চেষ্টা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply