মাজ আকাশতে লাগিল কাজিয়া, তাৰ পিছত মাৰপিট! যোৱা ২৭ ডিচেম্বৰত বেংককৰ পৰা কলকাতা অভিমুখী এখন বিমানত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। উক্ত ঘটনাটো থাই স্মাইল এয়াৰৰ বিমানত সংঘটিত হৈছিল।
ভাইৰেল ভিডিঅ’টোত এগৰাকী বিমান সেৱিকাই দুজন লোকক যুঁজৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা দেখা গৈছে। পাব্লিক এনাউন্সমেন্ট চিষ্টেমৰ পৰাও ‘অনুগ্ৰহ কৰি বন্ধ কৰক’ বুলি কোৱা শুনিব পোৱা গৈছে। কিন্তু বিমানৰ আন যাত্ৰী আৰু বিমান কৰ্মীসকলৰ উদ্বেগ বৃদ্ধি কৰি দুয়োজন লোকৰ মাজত মাজ আকাশতে কাজিয়া অব্যাহত থাকে।
যদিও ঘটনাটো দেখি যথেষ্ট আমোদজনক যেন লাগিছে, প্ৰকৃততে ই এক অতি চিন্তনীয় বিষয়। এনেধৰণৰ ঘটনাৰ বাবে আন্তৰ্জাতিক বিমান সেৱাৰ সংস্থাসমূহৰ মাজত ভাৰতীয়সকলৰ নাম অধিক বদনামী হৈ আহিছে।
ভাইৰেল ভিডিঅ’টোত দুয়োজন লোকক তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছে। এগৰাকী এয়াৰ হোষ্টেছ আহি তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰে। দুয়োজন ব্যক্তিৰ এজনে কোৱা শুনা গৈছে, “আপোনাৰ হাত তললৈ ৰাখক।” মৌখিক বাক-বিতণ্ডা মুহূৰ্ততে হতাহতিলৈ ৰূপান্তৰিত হয়।
কেইদিনমান পূৰ্বে ইণ্ডিগো এয়াৰলাইনছৰ এটা ভিডিঅ’ পোহৰলৈ আহিছিল। তাত এজন যাত্ৰীক বিমান সেৱিকাৰ ওপৰত চিঞৰি ক্ষোভ উজাৰি থকা দেখা গৈছিল। ইয়াৰ প্ৰত্যুত্তৰত বিমান সেৱিকাই যাত্ৰীজনৰ সৈতে তৰ্কত লিপ্ত হৈছিল। অভিযোগ কৰা হৈছিল যে যাত্ৰীজনে বিমান সেৱিকাসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।