নিউজ ডেস্ক – শুল্ক বিভাগৰ দলে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এজন ভাৰতীয় বিমান যাত্ৰীক গ্ৰেপ্তাৰ কৰি এক বৃহৎ চোৰাং ব্যৱসায়ৰ ঘটনা পোহৰলৈ আনিছে। শুল্ক বিষয়াসকলে ডুবাইৰ পৰা দিল্লীলৈ চোৰাংকৈ অনা ২৮.১৮ কোটি টকাৰ এডাল সোণ আৰু হীৰা খটোৱা ব্ৰেচলেট আৰু সাতটা পৃথক পৃথক ব্ৰেণ্ডৰ মূল্যৱান হাতঘড়ীৰ লগতে এটা আইফোন ১৪ প্ৰ’ উদ্ধাৰ কৰিছে।

দিল্লী কাষ্টম বিভাগৰ মুখপাত্ৰৰ মতে, ৰুট প্ৰফাইলিং আৰু সন্দেহৰ ওপৰত আধাৰিত কৰি, দিল্লী কাষ্টমছৰ এটা দলে ডুবাইৰ পৰা ইকে-৫১৬ বিমানত দিল্লীত উপস্থিত হোৱা এজন বিমান যাত্ৰীক তেওঁৰ লাগেজ আৰু ব্যক্তিগত বিতং পৰীক্ষাৰ বাবে ৰখাইছিল। সন্দেহযুক্ত বিমান যাত্ৰীৰ লাগেজ আৰু ব্যক্তিগত অনুসন্ধানত, শুল্ক বিভাগৰ দলটোৱে ২৭.৯ কোটি টকাৰ অধিক মূল্যৰ সোণ আৰু হীৰাৰে নিৰ্মিত এটা ব্ৰেচলেট, ১.০৮ কোটি টকাৰ অধিক মূল্যৰ জেকব এণ্ড কো, পেজেট লাইট ষ্টেলা আৰু ৰোলেক্সৰ সাতটা ব্যয়বহুল ঘড়ীৰ উপৰি এটা আইফোন ১৪ প্ৰ'(২৫৬জিবি)উদ্ধাৰ কৰে।

চোৰাংকৈ অনা ব্ৰেচলেট, ঘড়ী আৰু আইফোনৰ মুঠ মূল্য ২৮ কোটি ১৭ লাখ ৯৭ হাজাৰতকৈও অধিক বুলি কোৱা হয়। ইয়াৰ ভিতৰত, কেৱল ব্ৰেচলেটটোৰ মূল্য ২৭ কোটি ০৯ লাখতকৈও অধিক।

এই ক্ষেত্ৰত, শুল্ক দলটোৱে শুল্ক আইন ১৯৬২ৰ ধাৰা ১১০-ৰ অধীনত উদ্ধাৰ হোৱা ব্ৰেচলেট, ঘড়ী আৰু আইফোন জব্দ কৰিছে, আনহাতে অভিযুক্ত বিমান যাত্ৰীজনক চোৰাং ব্যৱসায়ৰ অভিযোগত ধাৰা ১০৪ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত আৰম্ভ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,570 other subscribers

Leave a comment

Leave a Reply Cancel reply