নিউজ ডেস্ক: পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) শুকুৰবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এচিচি) ওচৰত ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে এছিয়া কাপ আয়োজনৰ প্ৰস্তাৱ দাখিল কৰে। পিচিবিৰ অধ্যক্ষ নজম চেঠীয়ে কয় যে, তেওঁ প্ৰস্তাৱটো এচিচিলৈ প্ৰেৰণ কৰিছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু এছিয়ান টুৰ্ণামেণ্টখন নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছিল।

পিচিবিৰ মুৰব্বী চেঠীয়ে কয়, আমি এইটো এটা হাইব্ৰিড মডেলত কৰাৰ সিদ্ধান্ত লৈছো য’ত ভাৰতৰ বাহিৰে পাকিস্তান আৰু অন্য দলে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত এছিয়া কাপৰ মেচ খেলিব আৰু ভাৰতে তেওঁলোকৰ মেচবোৰ নিৰপেক্ষ স্থানত খেলিব। এছিয়ান ক্ৰিকেট পৰিষদলৈ এইটো আমাৰ প্ৰস্তাৱ”।

উল্লেখ্য যে, এছিয়া কাপ ২ ছেপ্টেম্বৰৰ ৰ পৰা ১৭ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব আৰু ইয়াত ছয়টা দল থাকিব। অৱশ্যে, ভেন্যুৰ ওপৰত অনিশ্চয়তাৰ বাবে খেলসমূহৰ সঠিক সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই।

লগতে ছেঠীয়ে কয়, অহা মাহত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰী ছাংহাই সহযোগিতা সংস্থা পৰিষদৰ বৈঠকৰ বাবে গোৱা লৈ আহিব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত হ’ব বুলি আশা ব্যক্ত কৰে।

যদি ছাংহাই সহযোগিতা সংস্থা পৰিষদৰ বৈঠকত ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হয় তেতিয়া হ’লে ভাৰতে ২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰেফীৰ বাবে খেলিবলৈ পাকিস্তানলৈ যাব পাৰে বুলি ছেঠীয়ে কয়।

চেঠীয়ে কয় যে, যদি পাকিস্তানে এছিয়া কাপৰ সকলো ভাৰতৰ মেচ নিৰপেক্ষ স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে ভাৰতেও এই বছৰৰ অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপৰ সময়ত একেটা হাইব্ৰিড মডেল ব্যৱহাৰ কৰা উচিত।

“আমি অনুভৱ কৰোঁ যে এই হাইব্ৰিড মডেলটো বিশ্বকাপৰ সময়ত প্ৰয়োগ কৰিব পাৰি,” চেঠীয়ে কয়। “আমাৰ স্থিতি হৈছে যে সকলোবোৰ পাৰস্পৰিক ভিত্তিত হ’ব লাগে। পুৰণি সময়ত, হয়, পাকিস্তানত নিৰাপত্তাৰ সমস্যা আছিল। কিন্তু এতিয়া কোনো সমস্যা নাই, তেন্তে পাকিস্তানত নখেলাৰ বাবে ভাৰতৰ অজুহাত কি?”

উল্লেখযোগ্য যে, এচিচিৰ সভাপতি তথা বিচিচিআইৰ সচিব জয় শ্বাহে এতিয়াও প্ৰস্তাৱিত হাইব্ৰিড মডেলৰ বিষয়ে পাকিস্তান ক্ৰিকেট বৰ্ডক সঁহাৰি দিয়া নাই। Espn cricinfo ৰ অনুসৰি, এচিচিৰ আন সদস্যসকলেও এছিয়া কাপৰ মেচ সমূহ এটা নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাটো বিচাৰে যাতে ব্যয় হ্ৰাস হয় যদিও পাকিস্তান প্ৰতিযোগিতাৰ আয়োজক হৈ থাকিব।

এছিয়া কাপত পাকিস্তান, ভাৰত, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশকে ধৰি ছয়টা দল আৰু এটা দল থাকিব যাক বৰ্তমান নেপালত চলি থকা কোৱালিফায়াৰৰ পিছত চিনাক্ত কৰা হ’ব।

লগতে পঢ়ক – ৰাহুল গান্ধীয়ে আজি লোকসভা সচিবালয়ক চৰকাৰী বাংলো হস্তান্তৰ কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply