নিউজ ডেস্ক: এতিয়া যিমানেই এছিয়া কাপৰ প্ৰতিযোগিতাৰ দিন চমু চাপি আহিছে সিমানেই অনিশ্চয়তাত ভুগিছে পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডে। এইবাৰৰ এছিয়া কাপৰ আয়োজক দেশ আছিল পাকিস্তান। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু এছিয়ান টুৰ্ণামেণ্টখন নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছিল।
ইয়াৰ পিছতেই পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেলত এছিয়া কাপ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। য’ত ভাৰতৰ বাহিৰে পাকিস্তান আৰু অন্য দলে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত এছিয়া কাপৰ মেচ খেলিব আৰু ভাৰতে তেওঁলোকৰ মেচবোৰ নিৰপেক্ষ স্থানত খেলিব।
কিন্তু এছিয়ান ক্ৰিকেট কাউঞ্চিলত সভাপতিৰ স্থানত থকা জয় শ্বাহে পাকিস্তানৰ হাইব্ৰিড মডেলৰ কোনো সঁহাৰি নিদিয়ে। তেনে ক্ষেত্ৰত আনুষ্ঠানিকভাৱে ঘোষণা নহ’লেও পাকিস্তানৰ সলনি অন্য দেশত প্রতিযোগিতা আয়োজন হোৱাৰ সিদ্ধান্ত প্রায় চূড়ান্ত। যাৰবাবে এতিয়া এছিয়া কাপ বৰ্জন কৰাৰ ভাবুকি দিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে।
এতিয়া ভাৰতৰ দৰে এছিয়া কাপৰ শ্ৰীলংকা আৰু বাংলাদেশৰ দৰে গুৰুত্বপূৰ্ণ টীমেও পাকিস্তান নোযোৱাৰ বাবে সিদ্ধান্ত লৈছে। যাৰ বাবে বৰ্তমান প্রতিযোগিতা শ্রীলংকাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্রবল।
এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ এনে অৱস্থানক লৈ ক্ষুব্ধ হৈ পৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ড। কিন্তু মঙলবাৰৰ নিশা ডুবাইত এছিয়ান ক্রিকেট পৰিষদৰ কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হয় পাক ব’ৰ্ডৰ অধ্যক্ষ নাজম শেঠীয়ে এছিয়া কাপ সংযুক্ত আৰব আমিৰশ্বাহী (The United Arab Emirates)ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু ছেপ্টেম্বৰত Emirates ত প্ৰচণ্ড গৰমৰ বাবেও প্রতিযোগিতা আয়োজনক লৈ আপত্তি দর্শাইছে ভাৰতীয় ক্রিকেট ব’ৰ্ডে।
উল্লেখ্য যে, বৰ্তমানলৈকে ঘোষণা অনুসৰি এছিয়া কাপ ২ ছেপ্টেম্বৰৰ ৰ পৰা ১৭ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব আৰু ইয়াত ছয়টা দল থাকিব। অৱশ্যে, ভেন্যুৰ ওপৰত অনিশ্চয়তাৰ বাবে খেলসমূহৰ সঠিক সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই।
লগতে পঢ়ক – গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চল তথ্য আয়ুক্তৰ সন্মিলন