নিউজ ডেস্ক- মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে ইম্ফলত নাগৰিক সমাজ-সংগঠনসমূহৰ সৈতে এক বিস্তৃত আলোচনাত মিলিত হয়। ইম্ফলত তেওঁ মেইৰা পাইবিছৰমহিলা নেত্ৰীসকলৰ এটা প্ৰতিনিধি দলকো সাক্ষাৎ কৰে। মণিপুৰৰ সমাজত মহিলাৰ ভূমিকাৰ তাৎপৰ্য পুনৰাবৃত্তি কৰি অমিত শ্বাহে কয় যে আমি একেলগে ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধি নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নাগৰিক সমাজৰ সংগঠন যেনে; COCOMI, AMUCO, AMOCOC, MMW, STDCM, FOCS, ফ’ৰাম ফৰ ৰিষ্টোৰেশ্যন অৱ পীচ আৰু অন্যান্য ছাত্ৰ সংগঠনক সাক্ষাৎ কৰে।

প্ৰতিনিধি দলটোৱে শান্তিৰ প্ৰতিষ্ঠাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে আৰু মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ পথ প্ৰশস্ত কৰাত সকলোৱে একেলগে অৰিহণা যোগাব বুলিও আশ্বাস দিয়ে। চুৰাচান্দপুৰলৈ যাত্ৰা কৰাৰ পূৰ্বে গৃহমন্ত্ৰীয়ে বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ লগতে অসামৰিক কৰ্মচাৰীৰ এটা দলৰ সৈতে মত বিনিময় কৰে।

প্ৰতিনিধিসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে ফলপ্ৰসূ হস্তক্ষেপৰ বাবে আহ্বান জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চুৰাচান্দপুৰ ভ্ৰমণ কৰি নাগৰিক সমাজ সংগঠনৰ বিশিষ্ট ব্যক্তি আৰু প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয়। পিছত সন্ধিয়া অমিত শ্বাহে ইম্ফলত সৰ্বদলীয় সভা অনুষ্ঠিত কৰে। গৃহমন্ত্ৰীয়ে মণিপুৰ আৰক্ষী, চিএপিএফ আৰু ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াৰ সৈতেও নিৰাপত্তাজনিত পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মণিপুৰৰ শান্তি আৰু সমৃদ্ধি আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি শান্তি বিঘ্নিত কৰা যিকোনো কাৰ্যকলাপৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আজি ​​মণিপুৰৰ মোৰে আৰু কাংপোকপি অঞ্চল পৰিদৰ্শন কৰিব। তেওঁ মোৰেত বিভিন্ন স্থানীয় গোটৰ প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছত কাংপোকপিত নাগৰিক সমাজ সংগঠনৰ সৈতে বৈঠকত মিলিত হ’ব। ইয়াৰ পিছতে তেওঁ ইম্ফলত নিৰাপত্তা পৰ্যালোচনা বৈঠকত মিলিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply