জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সম্পৰ্কিত বিষয়বোৰে সম্প্ৰতি সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰবোৰত সৰ্বাধিক গুৰুত্ত্ব লাভ কৰাৰ লগে লগে শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী(ক্লাই-ফাই) সমূহো জনপ্ৰিয় হৈ উঠিছে।

জলবায়ু পৰিৱৰ্তনৰ বিবিধ বিষয়ক কেন্দ্ৰ কৰি ৰচনা হৈ থকা জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনীসমূহ(ক্লাই-ফাই)ৰ বিষয়ে অসমতো আলোচনা আৰম্ভ কৰাৰ বাবে আৰু এই ধাৰাটোলৈ ভাৰতীয় লেখক-ঔপন্যাসিকসকলে কেনে ধৰণৰ অৱদান আগবঢ়াইছে, সেই বিষয়ে সবিশেষভাৱে আলোচনা কৰিবলৈ যৌথভাৱে আগবাঢ়িছে দুটি অনুষ্ঠানে।

চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত সম্প্ৰতি অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ জোনাকী সভাগৃহত অহা ৪ জানুৱাৰী তাৰিখে দিনৰ ৩ বজাৰপৰা “জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী(ক্লাই-ফাই): সাহিত্যত গোলকীয় উষ্ণতাৰ প্ৰতিনিধিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ ভৱিষ্যতৰ কল্পনা” শীৰ্ষক এখনি আলোচনাচক্ৰৰ আয়োজন কৰিছে আয়োজক অনুষ্ঠান দুটিয়ে।

গুৱাহাটীস্থ চেণ্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন চমুকৈ চিইচিএএফ আৰু কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰ চমুকৈ আইচিআৰচিৰ যৌথ উদ্যোগত আয়োজন কৰা এই আলোচনাচক্ৰখনিত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক ড° ধ্ৰুৱজ্যোতি বৰা, জলবায়ু বিজ্ঞানী আৰু বিজ্ঞান লেখক ড° ৰাহুল মহন্ত,  বিশিষ্ট ঔপন্যাসিক তথা চিকিৎসক ডা° নন্দিতা দেৱী,  লেখক,সমালোচক ড° ৰাখী কলিতা মৰল,  লেখক,অনুবাদক,অধ্যাপিকা ড° মেৰী বৰুৱা,  গল্পকাৰ,অধ্যাপিকা জুৰি বৰুৱা আৰু গল্পকাৰ,ঔপন্যাসিক বিপাশা বৰাই।

এই আলোচনা চক্ৰখনিৰ আঁত ধৰিব লেখক-গৱেষক আৰু পৰিৱেশকৰ্মী ড° বিজয় কৃষ্ণ চেতিয়াই। জলবায়ু কল্পকাহিনীৰ লেখকসকলে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কিয় লিখে,  ডিষ্ট’পিয়াৰ উপধাৰাটোৱে জলবায়ু পৰিৱৰ্তন আৰু সম্ভাৱ্য নগৰীয়া ভৱিষ্যতক কিমান ফলপ্ৰসূভাৱে প্ৰতিনিধিত্ব কৰে,  জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাজহুৱা কথোপকথনৰ বাবে ভাৰতীয় লেখকসকলে কেনেধৰণেৰে আগবাঢ়ি আহিছে, সেই বিষয়সমূহ সম্পৰ্কে এই আলোচনাচক্ৰত আলোচনা আগবঢ়াব।

ইচ্ছুক ব্যক্তিসকলে পেনেল আলোচনাচক্ৰখনৰ বিষয়ে সবিশেষ জানিবলৈ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যনৰ সঞ্চালক ড° কমল কুমাৰ তাঁতীৰ সৈতে ৮২৫৭০৬৭২৯৭ নম্বৰত অথবা ই-মেইলযোগে (ceacaindia@gmail.com)  যোগাযোগ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply