নিউজ ডেস্ক- গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ লোকসেৱা আয়োগৰ বিৰুদ্ধে লেখ আৱেদন দাখিল হৈছে। একাংশ বঞ্চিত প্রার্থীয়ে তিনিখন আৱেদন দাখিল কৰিছে অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে।
২০২২ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ একাংশ প্রার্থী দ্বাৰস্থ হৈছে ন্যায়ালয়ৰ। অনুত্তীর্ণ হোৱা একাংশ প্ৰাৰ্থীয়ে প্ৰাৰম্ভিক পৰীক্ষাত আসোঁৱাহ হোৱাৰ অভিযোগ আনি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পৰীক্ষাৰ অ’এম আৰ শ্বীট বিচাৰিছিল।
কিন্তু এই ক্ষেত্ৰত আয়োগ কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই বুলি অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। উক্ত বিষয়টো ন্যায়ালয়ৰ অধীনত থকা হেতুকে নির্ধাৰিত সময়ত আয়োগে মূল পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব নে নোৱাৰে সেইটো বৰ্তমান অস্পষ্ট হৈ পৰিছে।
জানিব পৰা মতে লোকসেৱা আয়োগে জুলাই মাহত মূল পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।