নিউজ ডেস্ক: আজি জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণিৰ বাবে অনুমোদন জনাইছে। এই সকাহ আঁচনি অধীনত ৰাজ্য চৰকাৰে এইবাৰ যিসকলৰ একাউণ্ট সমূহ NPA ত পৰিণত হৈছে আৰু ৩১ মাৰ্চ, ২০২১ লৈকে ২৫,০০০ টকালৈকে বকেয়া মূলধন থকা NPA একাউণ্টধাৰীক সঙুৰী লোৱা হৈছে।

উল্লেখ্য যে, মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত NPA একাউণ্টধাৰীক ঋণ লওঁতাসকলক ৰাজ্য চৰকাৰে সাঙুৰি লোৱা নাছিল।

যি সকলৰ মাইক্ৰ’ফাইনেন্স ঋণ লওঁতাসকলৰ চৰকাৰে ঋণ ২৫,০০০ কৈ পৰিশোধ কৰি দিব তেওঁলোকৰ একাউণ্টসমূহ গ্ৰীণ হোৱাৰ লগতে তেওঁলোক বিত্ত/বিত্তীয় প্ৰতিষ্ঠানৰ আনুষ্ঠানিক উৎসৰ পৰা পুনৰ ঋণ ল’বলৈ সক্ষম হ’ব।

মন কৰিব লগীয়া যে, এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত ৮.৭৯ লাখ গৰাকী হিতাধিকাৰীলৈ মুঠ ১,৬০০ কোটি টকা আৰু দ্বিতীয় পৰ্যায়ত ৯৮,০০০ গৰাকী হিতাধিকাৰীলৈ মুঠ ১৯০ কোটি টকাৰ পুঁজি বিতৰণ কৰিছিল।

ইয়াৰোপৰি, ৰাজ্য চৰকাৰে ৩৭ ঋণদাতা প্রতিষ্ঠানৰ সৈতে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত হোৱা বুজাবুজিৰ চুক্তি ৩১ মার্চ ২০২৪ লৈ ম্যাদ বৃদ্ধি কৰিছে।

শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মাধ্যম হিচাপে চাওতালীক প্ৰৱৰ্তন,

আজিৰ কেবিনেটত লোৱা আন এটা সিদ্ধান্ত হৈছে, এতিয়াৰে পৰা প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা মাতৃভাষাত দিয়া হ’ব। লগতে, ওলচিকি লিপিৰ সৈতে শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মাধ্যম হিচাপে চাওতালীক প্ৰৱৰ্তন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যাতে চাহ জনজাতীয় শিক্ষাৰ্থীক ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত পছন্দৰ ভাষাত শিক্ষা গ্ৰহণ কৰাত সহায় হয় তাৰ বাবে কেবিনেট এই সিদ্ধান্ত গ্ৰহণ কৰে।

মহানগীৰৰ আন্তঃ গাঁথনিত নৱ সংযোজন কৰাৰ বাবে ৮৫২.৬৮ কোটি টকা মুকলি,

আনহাতে, কেবিনেটে মহানগীৰৰ আন্তঃ গাঁথনিত নৱ সংযোজন কৰাৰ বাবে ২০২৩-২৪ বৰ্ষৰ বাবে স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ৰাজগড় ৰোডৰ দিশে ২ লেন সম্প্ৰসাৰণেৰে জি এন বি ৰোডত দীঘলীপুখুৰীৰ পৰা এফ চি আই ওদামৰ কাষত নুনমাটিৰ দিশলৈ ৪ লেনযুক্ত এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবলৈ ৮৫২.৬৮ কোটি টকা মুকলি দিয়া হৈছে। ৰাজ্য চৰকাৰে প্ৰস্তাৱিত কৰা এই এলিভেটেড ৰোডে গুৱাহাটীৰ জি এন বি ৰোডত বাহনৰ চলাচল সুশৃংখল কৰাৰ লগতে যান- জট হ্রাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয় বিলুপ্তিকৰণ,

ইয়াৰ লগতে ৰাজ্য প্ৰশাসনিক ব্যৱস্থাটোক বিকেন্দ্ৰীকৰণ বাবে প্ৰথম পৰ্যায়ত কেবিনেটে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয় বাতিলকৰণ আৰু ইয়াৰ আইনী ক্ষমতা সাধাৰণ প্ৰশাসন বিভাগৰ মাননীয় প্রধান সচিবৰ লৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ লগতে, উপায়ুক্তসকলক জিলা আয়ুক্ত হিচাপে নামকৰণ আৰু জিলাসমূহৰ ভিতৰত জিলা আয়ুক্তক ৰাজপত্ৰিত আৰু অ-ৰাজপত্ৰিত কৰ্মচাৰীৰ বদলিকৰণৰ ক্ষমতা প্রদান কৰা হৈছে। ইয়াৰোপৰি, ৰাজপত্ৰিত কৰ্মচাৰীৰ দিশত বদলিকৰণৰ পূৰ্বে অভিভাৱক মন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজনৰ বাবেইও সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেট বৈঠকত।

লগতে পঢ়ক – Live: জোনমণি ৰাভাৰ মৃত্যুৰ আদ্যোপান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply