গুৱাহাটী : ভাইৰেল কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লিৰ কেইখনমান বিশেষ ফটো। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লিৰ কেইখনমান বিশেষ ফটো। বান বিধ্বস্ত কাছাৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰা কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লিৰ কেইখনমান বিশেষ ফটো।

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি থকা এগৰাকী আই এ এছ বিষয়াৰ ফটো ভাইৰেল হৈছে। কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জাল্লিয়ে জিলাখনৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰা কেইখনমান ফটো সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। বান বিধ্বস্ত অঞ্চলত বোকা, পানীত খোজ কাঢ়ি চৰ্চিত হৈ পৰিছে কাছৰৰ উপায়ুক্তকীৰ্তি জাল্লি।

বছৰৰ প্ৰথমটো বানে তাণ্ডৱ চলাইছিল কাছাৰ জিলাত। জিলাখনৰ লাখ লাখ লোক বছৰৰ প্ৰথমটো বানত প্ৰভাৱিত হৈছে। বহু লোকৰ ঘৰ বাঢ়নী পানীত ডুব যোৱাত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছিল। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও বহু লোক বানপানীৰ ফলত সৃষ্টি হোৱা বোকাৰ মাজত থাকিব লগীয়া হৈছে।

লগতে পঢ়ক – বিগবাস্কেটে পৰৱৰ্তী ৬ মাহত প্ৰতি মাহে ৪ কোটি ৰাজহ ঘটাৰ লক্ষ্যৰে গুৱাহাটীত নিজৰ উপস্থিতি শক্তিশালী কৰে

বৰ্তমান বান বিধ্বস্ত অঞ্চল সমূহৰ পৰিস্থিতি নিৰীক্ষণ আৰু বানৰ ফলত প্ৰভাৱিত হোৱা লোক সকলৰ খবৰৰ ল’বলৈ জিলাখনৰ উপায়ুক্ত কীৰ্তি জাল্লিয়ে খালি ভৰিৰে বোকা, পানী গছকি ৰাইজৰ কাষত উপস্থিত হোৱা ফটো ভাইৰেল হৈছে। উপায়ুক্ত গৰাকীয়ে ৰাইজৰ খবৰৰ ল’বলৈ বাবে এইদৰে ওলাই আহক সকলোৱে প্ৰশংসা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply