মানকাচৰ : হাটশিঙিমাৰী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে ১০ দিনীয়া শৰীৰ চৰ্চা কৰ্মশালৰ শুভাৰম্ভ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত শিক্ষা বিভাগে সোমবাৰৰ পৰা ১০ দিনীয়া শৰীৰ চৰ্চা কৰ্মশালাৰ শুভাৰম্ভ কৰে।
উল্লেখযোগ্য যে হাটশিঙিমাৰী মহাবিদ্যালয়, ৰাষ্ট্ৰীয় সেৱা যোজনা এন এছ এছৰ হাটশিঙিমাৰী গোট আৰু মহাবিদ্যালয়ৰ এন চি চিৰ উদ্যোগত শিক্ষা বিভাগে ১০ দিনীয়া শৰীৰ চৰ্চা কৰ্মশালাৰ শুভাৰম্ভ কৰে। এই শৰীৰ চৰ্চা কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ জহিৰুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থাকি ১০ দিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে।
লগতে পঢ়ক – সৌন্দৰ্য প্ৰতিযোগিতাত ‘MISS TEEN ASSAM’ খিতাপেৰে জিলিকিল টীয়কৰ জীয়ৰী শ্ৰেষ্ঠা
এই কাৰ্য্যসূচীত এন এছ এছৰ কাৰ্যবাহী বিষয়া ডঃ আব্দুল কৰিম শেখ, মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ মনিৰুজ্জামান শেখসহ মহাবিদ্যালয়খনৰ কেবাগৰাকী অধ্যাপক উপস্থিত থাকে। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক এই ১০ দিনীয়া কৰ্মশালাৰ দ্বাৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণৰ অন্তত এখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব বুলি এন এছ এছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যবাহী বিষয়া ডঃ আব্দুল কৰিম শেখ জানিবলৈ দিয়ে।