তেজপুৰ : অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে তেজপুৰত শোণিতপুৰ জিলা দিৱস উদযাপন অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত বক্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে জিলা দিৱসৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ লগতে জিলাখনৰ সকলো ৰাইজকে অভিনন্দন জ্ঞাপন কৰে।
বানৰজা আৰু উষা অনিৰুদ্ধৰ কাহিনীৰে প্ৰখ্যাত তেজপুৰ চহৰৰ ঐতিহ্যক লৈ আমি সকলোৱে গৰ্বিত বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী হিচাবে জিলাখনক সৰ্বাংগসুন্দৰ কৰি গঢ়ি তুলিবৰ বাবে সকলো প্ৰয়াস কৰিব বুলি প্ৰকাশ কৰে। তেজপুৰবাসী ৰাইজ সাংস্কৃতিক মনৰ অধিকাৰী বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৯ খন জিলাৰ ৮০ খন গাঁও বাঢ়নী পানীৰ তলত
আনহাতে মন্ত্ৰী গৰাকীয়ে বিগত কাৰ্যকালত নগৰ উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হৈ থাকোতে তেজপুৰ পৰিচ্ছন্ন চহৰ হিচাবে স্বীকৃত হোৱাৰ কথা উল্লেখ কৰি তেজপুৰবাসীক ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত শোণিতপুৰ জিলা দিৱসত মন্ত্ৰী গৰাকীৰ লগতে জলসিঞ্চন মন্ত্ৰী অশোক সিংহল, বিধায়কসকল পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু, পৃথ্বীৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতী, ৰাজ্যখনৰ তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ আৰু জিলাখনৰ গণ্য মান্য ব্যক্তি সকল উপস্থিত আছিল।