তামুলপুৰ : তামুলপুৰৰ দলংপাৰ আৰু বৰখোপাত খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ। তাৎক্ষণিকভাৱে খহনীয়া ৰোধৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ সদৃচ্ছাৰ বাবে বিটিআৰ অঞ্চললৈ জলসম্পদ বিভাগে যথেষ্ট পুঁজিৰ আৱণ্টন দিছে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে তামুলপুৰৰ দলংপাৰ আৰু বৰখোপা অঞ্চলত মতঙা নদীয়ে সৃষ্টি কৰা গড়াখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। খহনীয়াত পৰা অঞ্চল দুটাত গৰাখহনীয়া আৰু বানপানী ৰোধৰ বাবে তাৎক্ষণিকভাৱে অস্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শনকালত বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীয়ে অঞ্চল দুটা পৰিদৰ্শন কালত স্থানীয় লোকসকলৰ লগতো মত বিনিময় কৰি শীঘ্ৰে খহনীয়া ৰোধৰ সাময়িক কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰে।
পৰিদৰ্শনকালত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী গৰাকীয়ে কয় যে বিটিআৰ অঞ্চলক বিগত বৰ্ষত জলসম্পদ বিভাগে ১২১ কোটি টকাৰ পুঁজিৰ আৱণ্টন দিছে যিয়ে অঞ্চলটোৰ প্ৰতি থকা মুখ্যমন্ত্ৰীৰ আৰু ৰাজ্য চৰকাৰৰ সদৃচ্ছাক প্ৰতিফলিত কৰে, কিয়নো নিজা পুঁজি থকা বিটিআৰক ইমানখিনি টকা আগতে কেতিয়াও বিভাগৰ ফালৰ পৰা দিয়া হোৱা নাছিল। এই পুঁজিখিনিৰে ইতিমধ্যেই কাম আৰম্ভ হৈছে অথবা কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিটিআৰৰ প্ৰতি থকা চৰকাৰৰ এই সদৃচ্ছা সদায়ে থাকিব। দলংপাৰ আৰু বৰখোপা দুইটা অঞ্চলতে সাময়িকভাৱে খহনীয়া ৰোধৰ বাবে কাম অহা কাইলৈৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হঠাৎ নামি অহা ধলৰ বাবে পাহাৰীয়া নদীসমূহত সদায়ে এনেদৰে খহনীয়াৰ সৃষ্টি হয় আৰু ইয়াৰ বাবে বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।
লগতে পঢ়ক – ফে’চবুকত ‘বিদ্ৰোহী’ কবিতা লিখি গ্ৰেপ্তাৰ হ’ল টীয়কৰ মেধাৱী ছাত্ৰী
আনহাতে জলসম্পদ বিভাগে বাৰিষাতে কাম কৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী গৰাকীয়ে কয় যে বাৰিষা সাময়িক কামখিনি কৰিবই লাগিব, কিয়নো এই সময়ছোৱাত স্থায়ী সমাধানৰ কামসমূহ কৰিব পৰা নাযায় প্ৰতিৰক্ষাৰ বাবে স্থায়ী সমাধানৰ সমান্তৰালভাৱে বাৰিষাও মথাউৰি ৰক্ষাৰ বাবে সাময়িকভাৱে কাম কৰিবই লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনকালত বিধায়ক জলেন দৈমাৰী, জিলা উপায়ুক্তৰ লগতে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাসকল উপস্থিত আছিল।