নগাঁও : জলসম্পদ বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে সমষ্টিটোৰ কেইবাস্থানতো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত সকলৰ খবৰ লয়। প্ৰথমতে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত অস্থায়ী আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত আশ্ৰয় লৈ থকা বৃহত্তৰ বৰক’লা অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ খবৰ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে।

হাৰিয়া নদীৰ বানত ক্ষতিগ্ৰস্ত লোক সকলে যাতে খাদ্য, চিকিৎসা আৰু খোৱা পানী আদিৰ কোনো অসুবিধাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলা প্ৰশাসনক মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। পাছত তেওঁ বানত ক্ষতিগ্ৰস্ত হোৱা বৰক’লা-কামপুৰ সংযোগী পথছোৱা পৰিদৰ্শন কৰি লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ দ্বাৰা চলি থকা পথ মেৰামতিৰ কামৰ বুজ লয় আৰু শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ বিভাগ দুটাৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

পৰৱৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে তুলসীমুখ অঞ্চলত উপস্থিত হৈ বানপানীয়ে খহাই নিয়া তুলসীমুখ আৰু ঘাগৰীয়াল সংযোগী পথছোৱা পৰিদৰ্শন কৰে আৰু বানাক্রান্ত সকলৰ অভাৱ অভিযোগৰ বুজ লয়। কাষৰীয়া ননৈ নৈৰ কাষত তুলসীমুখৰ পৰা হাৰিয়াঘাটলৈ থকা মথাউৰিটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত মথাউৰিটো ওখ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে।

লগতে পঢ়ক –  ড্ৰাগছ ব্যৱসায়ী ছোবাহান আলী গ্ৰেপ্তাৰ

পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীয়ে জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলক বানত ক্ষতিগ্ৰস্ত হোৱা নগাঁও সদৰ সমষ্টিৰ পাঁচটা পথ শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। এই পাঁচটা পথৰ এটাৰ বাহিৰে বাকী চাৰিওটাই শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিব পৰা যাব বুলি উপস্থিত সাংবাদিকক মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply