নিউজ ডেস্কঃ খোৱা তেল উৎপাদনত স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে দেওবাৰৰ পৰা অসমত তৈল খেজুৰ গছৰ পুলি ৰোপণৰ আৰম্ভ কৰা হৈছে। লখিমপুৰ জিলাৰ বোকানলা গাঁৱত অসমৰ প্ৰথমটো তৈল খেজুৰৰ পুলি আনুষ্ঠানিকভাৱে কৃষি মন্ত্ৰী অতুল বৰাই ৰোপণ কৰে।
অসমৰ ১৮খন জিলা কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- তৈল খেজুৰ” (NMEO-OP)ৰ অধীনত তৈল খেজুৰৰ খেতিৰ বাবে নিৰ্বাচিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই আঁচনিখন অসমত সফল ৰূপায়ণৰ দিশে অগ্ৰসৰ হৈছে। আঁচনিখনৰ অধীনত ২০২৫-২৬ বৰ্ষৰ ভিতৰত ৰাজ্যখনৰ ২ লাখ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ পৰিকল্পনা লোৱা হৈছে।
মন্ত্ৰী অতুল বৰাই উক্ত বিশেষ দিনটোত লখিমপুৰ জিলাৰ লগতে অসমৰ বাকী ১৭খন জিলাৰ তৈল খেজুৰৰ খেতিৰ সৈতে জড়িত কৃষক বন্ধুসকলক এই খেতিত আত্মনিয়োগ কৰিবলৈ আন্তৰিক আহ্বান জনাই।
লগতে তেওঁ, কৃষকসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিশ্চিতি প্ৰদান কৰাৰ লগতে খোৱা তেল উৎপাদনত অসমক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যত উপনীত হোৱাত এই আঁচনিখনে এক সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব বুলি বুলি কয়।
এই শুভাৰম্ভণি অনুষ্ঠানত কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন,উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা,কৃষি বিভাগৰ যুটীয়া সচিব গুণজিত কাশ্যপ, ৩-এফ অইল পাম প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় গোৱেংকা প্ৰমুখ্যে তৈল খেজুৰৰ খেতি আৰম্ভ কৰা কেইবাখনো জিলাৰ জিলা কৃষি বিষয়া আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰদ্ধাৰ কৃষক ৰাইজ উপস্থিত থাকে।
লগতে পঢ়ক – মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন