নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক চুৰিনামৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য ইয়েলো ষ্টাৰ’ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“চুৰিনামৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য ইয়েলো ষ্টাৰ’ লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতি জীক অভিনন্দন। চুৰিনামৰ চৰকাৰ আৰু জনসাধাৰণৰ এই বিশেষ ইংগিতে আমাৰ দেশসমূহৰ মাজত চিৰস্থায়ী বন্ধুত্বৰ প্ৰতীক”।