চেন্নাইঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে চেন্নাই ষ্টেচনত চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। জানিব পৰা অনুসৰি, এই ৰেলখনে দুয়োখন চহৰৰ মাজত ৰেল যাত্ৰাৰ সময় এঘণ্টাতকৈও অধিক হ্ৰাস কৰিব। ৫ ঘণ্টা ৫০ মিনিটতেই এই ৰেলখনে দুয়োখন চহৰৰ মাজত যাত্ৰা সম্পূৰ্ণ কৰিব। উদ্ধোধন কৰা সময়ত মোডীয়ে ৰেলখনত থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰা দেখা গৈছিল।

ইয়াৰ পূৰ্বে মোদীয়ে চেন্নাই বিমান বন্দৰত নৱ নিৰ্মিত অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল উদ্বোধন কৰে। তেওঁ বিমানবন্দৰৰ পৰা চেন্নাই ৰেল ষ্টেচনলৈ এটা ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল। এই ১০ কিলোমিটাৰ ৰোড শ্ব’ সময়ত ৰাস্তাৰ কাষত থিয় হৈ থকা লোকসকলে ফুলবৃষ্টি কৰি প্ৰধানমন্ত্ৰীক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে গাড়ীৰ ভিতৰৰ পৰা হাত মিলাই জনসাধাৰণৰ শুভেচ্ছা গ্ৰহণ কৰে।

ৰোড শ্ব’ সময়ত ফুলবৃষ্টি কৰি প্ৰধানমন্ত্ৰীক আদৰণি জনায়

প্ৰধানমন্ত্ৰীয়ে আবেলি প্ৰায় ৩ বজাত তামিলনাডু ত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰী মোদীক চেন্নাই বিমানবন্দৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আদৰিণি জনাইছিল।

প্ৰধানমন্ত্ৰী মোদীক চেন্নাই বিমানবন্দৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজ্যপাল আৰ এন ৰবি আৰু
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আদৰিণি জনাইছিল।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰৰ নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল পৰিদৰ্শন কৰে। ইয়াৰ পিছত, তেওঁ ৰামকৃষ্ণ মঠৰ ১২৫ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে ফেচবুকত চেন্নাইৰ আকাশী দৃশ্য শ্বেয়াৰ কৰে,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাই চহৰত অৱতৰণ কৰাৰ আগতে চেন্নাইৰ এটা আকাশী দৰ্শনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ফেচবুকত পেজত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত মেৰিনা বীচৰ কাষত থকা এম এ চিদাম্বৰম ষ্টেডিয়াম, যাক সাধাৰণতে চেপক ষ্টেডিয়াম বুলি কোৱা হয় সেইয়া দেখা গৈছিল। মোডীয়ে পোষ্টটোত লিখিছিল- “ভানাক্কাম চেন্নাই!”

https://www.facebook.com/reel/1360306571396696?mibextid=ZbWKwL

চেন্নাই বিমানবন্দৰৰ নৱ নিৰ্মিত ভৱনত তামিল সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে,

চেন্নাই বিমানবন্দৰৰ নৱ নিৰ্মিত ভৱনত মানুহে তামিল সংস্কৃতিৰ এক আভাস পাব। ইয়াৰ উপৰিও, নতুন ভৱনটোত কোলাম (দক্ষিণ ভাৰতীয় ঘৰৰ সন্মুখত তৈয়াৰ কৰা ৰংগোলী), শাৰী, মন্দিৰ আৰু অন্যান্য বস্তুও অন্তৰ্ভুক্ত কৰা আছে।

চেন্নাই বিমানবন্দৰৰ নৱ নিৰ্মিত ভৱনত মানুহে তামিল সংস্কৃতিৰ এক আভাস

প্ৰতি বছৰে যাত্ৰীৰ সংখ্যা ৩.৫ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে,

২.২০ লাখ বৰ্গ মিটাৰ জুৰি বিস্তৃত নতুন টাৰ্মিনেল ভৱন টি-২ৰ প্ৰথম পৰ্যায় নিৰ্মাণ কাৰ্য ১২৬০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে। ইয়াত ১০০ টা চেক-ইন কাউণ্টাৰ, ১০৮ টা ইমিগ্ৰেচন কাউণ্টাৰ, ১৭ টা এস্কেলেটৰ আৰু ১৭ টা এলিভেটৰ আছে। নতুন টাৰ্মিনেল নিৰ্মাণৰ সৈতে, যাত্ৰীৰ সংখ্যা এতিয়া প্ৰতি বছৰে ৩.৫ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

নতুন টাৰ্মিনেল ভৱনটোৰ বাহিৰৰ দৃশ্য

উল্লেখযোগ্য যে, চেন্নাই-কইম্বাটুৰৰ মাজত আৰম্ভ হোৱা বন্দে ভাৰত এক্সপ্ৰেছ বুধবাৰৰ বাহিৰে সকলো দিনতে চলিব। এই ৰেলখন অৰ্ধ-উচ্চ গতিত চলিব। ইয়াৰ ষ্টপবোৰ তিৰুপুৰ, ইৰোড আৰু চালেমত হ’ব। ৰেলখনত ১টা ব্যয়বহুল দবাৰ সৈতে মুঠ চাৰিটা দবা ৰখা হৈছে, য’ত ৫৩০ জন যাত্ৰী একেলগে বহু যাব পৰা সুবিধা ৰখা হৈছে।

লগতে পঢ়ক – বিগত ৬ মাহত ৩,৮০০ তকৈ অধিক কৰ্মচাৰী নিয়োগ এয়াৰ ইণ্ডিয়াত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply