নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল শুভাৰম্ভ কৰিব৷ এই প্ৰথমখন ৰে’ল জয়পুৰ আৰু দিল্লী কেণ্টনমেণ্ট ৰে’লৱে ষ্টেচনৰ মাজত চলিব৷

১৩ এপ্ৰিল, ২০২৩ৰ পৰা এই বন্দে ভাৰত এক্সপ্ৰেছৰ নিয়মীয়া সেৱা আৰম্ভ হ’ব৷ আজমেৰ আৰু দিল্লী কেণ্টনমেণ্টৰ মাজৰ সময়ছোৱাত এই ৰে’লখন জয়পুৰ আলৱাৰ আৰু গুৰগাঁৱত ৰখোৱা হ’ব৷

নতুন বন্দে ভাৰত এক্সপ্ৰেছে দিল্লী কেণ্টনমেণ্ট আৰু আজমেৰৰ মাজৰ দূৰত্ব ৫ ঘণ্টা ১৫ মিনিটত অতিক্ৰম কৰিব। একেটা পথতে বৰ্তমানৰ আটাইতকৈ দ্ৰুততম ৰে’ল শতাব্দী এক্সপ্ৰেছক দিল্লী কেণ্টনমেণ্টৰ পৰা আজমেৰলৈ ৬ ঘণ্টা ১৫ মিনিট সময় লাগে। এইদৰে একেটা পথতে চলি থকা বৰ্তমানৰ দ্ৰুততম ৰে’লৰ তুলনাত নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৬০ মিনিট বেছি দ্ৰুত হ’ব।

উল্লেখযোগ্য যে, আজমেৰ-দিল্লী কেণ্টনমেণ্ট সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ হ’ব হাই ৰাইজ অভাৰহেড ইলেক্ট্ৰিক (অ’এইচই) টেৰিটৰীত বিশ্বৰ প্ৰথমখন ছেমি হাই স্পীড যাত্ৰীবাহী ৰে’ল। এই ৰে’লখনে পুষ্কৰ, আজমেৰ শ্বৰীফ দৰগাহ আদিকে ধৰি ৰাজস্থানৰ প্ৰধান পৰ্যটনস্থলীসমূহৰ সংযোগ উন্নত কৰিব। বৰ্ধিত সংযোগে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নতো এক উদ্গনি যোগাব৷

লগতে পঢ়ক – যুৱক-যুৱতীসকলক সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply