নিউজ ডেস্ক- আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮০০০ কোটিৰো অধিক মূল্যৰ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। ইয়াৰ মাজতে তেওঁ পুৰী আৰু হাওৰাৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছতো ফ্লেগ অফ কৰিব।

উল্লেখ্য যে, এই ৰে’লখনে ওড়িশাৰ খোধা, কটক, জাজপুৰ, ভদ্রক, বালাসৌৰ জিলা আৰু পশ্চিম বংগৰ পাছিম মেদিনীপুৰ, পূৰ্বা মেদিনীপুৰ জিলাৰ মাজেৰে পাৰ হ’ব। লগতে তেওঁ পুৰী আৰু কটক ৰেল ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। পুনৰ উন্নত কৰা ষ্টেচনসমূহত যাত্ৰীসকলৰ সুবিধাৰ্থে বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে সকলো আধুনিক সা-সুবিধা থাকিব।

লগতে প্ৰধানমন্ত্রীগৰাকীয়ে ওড়িশাত ১০০ শতাংশ বৈদ্যুতিক ৰেল নেটৱকো উদ্বোধন কৰিব। ফলত পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ খৰচ হ্ৰাস পোৱাৰ লগতে আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।

ইয়াৰ সমান্তৰালকৈ সম্বলপুৰ-তিতলাঘৰ ৰে’ল লাইন দ্বৈতকৰণ কৰাৰো শুভাৰম্ভ কৰা হ’ব। লগতে  আংগুল-সুকিন্দাৰ মাজত নতুন ব্রড গেজ ৰেলপথ, মনোহৰপুৰ-ৰৌৰকেলা- ঝাৰসুগুদা-জামগা সংযোগী তৃতীয় লাইন আৰু বিচুপালী-ঝাৰতৰভাৰৰ মাজত নতুন ব্রডগেজ ৰে’লপথ উদ্বোধন কৰিব মু্খ্যমন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply