প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন চেন্নাইৰ আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোজন হ’ব। মোদীয়ে লগতে কয় যে ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।

এটা টুইটত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱনৰ প্ৰথম পৰ্যায়টো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ এপ্ৰিল ২০২৩ তাৰিখে উদ্বোধন কৰিবলৈ সাজু হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে; “চেন্নাইৰ আন্তঃগাঁথনিত এইটো এক গুৰুত্বপূৰ্ণ সংযোজন হ’ব। ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply