নিউজ ডেস্ক- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাইত ফ্ৰান্সৰ ৰাজধানী পেৰিছত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পেৰিছত অনুষ্ঠিত হ’বলগীয়া এই বছৰৰ বাষ্টিল দিৱসৰ কুচকাৱাজত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।
জানিব পৰা মতে, প্রধানমন্ত্রীয়ে ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ তম বার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ আমন্ত্ৰণ গ্ৰহণ কৰে। তেওঁৰ লগতে এই অনুষ্ঠান উপলক্ষে ফৰাচী সমকক্ষসকলৰ সৈতে ভাৰতীয় সশস্ত্র বাহিনীৰ এটা দলে কুচকাৱাজত অংশগ্ৰহণ কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, প্রধানমন্ত্ৰীৰ এই ভ্রমণ কাৰ্য্যই দুয়োখন দেশৰ মাজত কৌশলগত, সাংস্কৃতিক, বৈজ্ঞানিক, শৈক্ষিক, অর্থনৈতিক সহযোগিতাৰ বাবে নতুন আৰু উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিব। ভাৰত আৰু ফ্রান্সে শান্তি আৰু নিৰাপত্তাৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগী ৰাখে।
তথ্য অনুসৰি, প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক ভ্রমণে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ হানি আৰু বহনক্ষম উন্নয়ন লক্ষ্য প্ৰাপ্তিকে ধৰি সাম্প্রতিক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে উমৈহতীয়া পদক্ষেপ প্ৰদান কৰিব।