মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। হীৰাবেন মোডীয়ে ৩০ ডিচেম্বৰ পুৱা ৩.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে এই খবৰ টুইটাৰৰ জৰিয়তে জনাইছে।

১০০ বছৰীয়া হীৰাবেন মোডীৰ আহমেদাবাদৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছিল। গুজৰাট চৰকাৰৰ তৰফৰ পৰা কিছুদিন পূৰ্বে কৈছিল যে তেওঁৰ অৱস্থা উন্নত হৈ আছে আৰু এদিন বা দুদিনৰ ভিতৰত অব্যাহতি দিয়া হ’ব পাৰে।

জানিব পৰা মতে,  উশাহ-নিশাহৰ সমস্যা আৰু ৰক্তচাপৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মোডীৰ মাতৃ হীৰাবেন গান্ধীনগৰ চহৰৰ ওচৰৰ ৰাইচান গাঁৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনিষ্ঠ ভাতৃ পংকজ মোডীৰ সৈতে বাস কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply