নিউজ ডেস্ক: ছাত্ৰ-ছাত্ৰীক লেপটপ প্ৰদানৰ লোভ দেখুওৱাই এটা দুষ্ট চক্ৰই ‘প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় লেপটপ আঁচনি’ (PM National Laptop Scheme) নামেৰে এক ভুৱা আঁচনিৰ নামত ৱেবছাইট চলাই আহিছে।
পি আই বি (Press Information Bureau) ফেক্ট-চেকে আজি এই কথা সদৰী কৰি ভাৰত চৰকাৰে এই পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে এনে কোনো আঁচনি আৰম্ভ কৰা নাই বুলি স্পষ্ট কৰি দিছে।
pmssgovt.online নামৰ ৱেবছাইটোৱে দাবী কৰা মতে একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ অধ্যয়ন কৰি থকা সকলো ভাৰতীয় শিক্ষাৰ্থীয়ে উক্ত আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে ৪৫০ টকা দি নাম পঞ্জীয়ন কৰিব লাগিব।
চৰকাৰৰ এনে কোনো আঁচনি নাই বুলি উল্লেখ কৰি পি আই বি টুইট কৰি উক্ত ৱেবছাইটটো সম্পূৰ্ণ ভুৱা বুলি কয়।
উল্লেখযোগ্য যে ভুৱা ৱেবছাইটটোত আনকি ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে কি মডেলৰ লেপটপ প্ৰদান কৰিব তাকো উল্লেখ কৰা আছে।
লগতে পঢ়ক – পূৰবী ডেইৰীলৈ ‘NCDFI’ৰ দ্বিতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় বঁটা