নিউজ ডেস্ক: ৩ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মদগাঁও ৰে’লৱে ষ্টেচনৰ পৰা গোৱাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ফ্লেগ অফ কৰিব।
প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰি অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছে মুম্বাই-গোৱা পথৰ সংযোগত উন্নতি সাধন কৰিব। এইখন হ’ব দেশৰ ১৯ সংখ্যক বন্দে ভাৰত ৰে’ল।
মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু গোৱাৰ মদগাঁও ষ্টেচনৰ মাজত চলিব এই ৰে’ল। ই প্ৰায় সাত ঘণ্টাত যাত্ৰা সামৰি লোৱাৰ লগতে প্ৰায় এঘণ্টাৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব। বন্দে ভাৰত এক্সপ্ৰেছ দুয়োটা স্থান সংযোগ কৰা আটাইতকৈ দ্ৰুততম ৰে’ল।
বিশ্বমানৰ সুবিধা আৰু প্ৰযুক্তিকে ধৰি উন্নত সুৰক্ষা বৈশিষ্ট্যৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত এই ৰে’লখনে দুয়োখন ৰাজ্যৰ পৰ্যটন বৃদ্ধিত সহায় কৰিব।