নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া ১২ বজাত অসম তথা উত্তৰ-পূৰ্বৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে পতাকা দেখুৱাই যাত্ৰাৰ বাবে সেউজ সংকেত দিব। গুৱাহাটীৰ ৰেলৱে ষ্টেচনত হ’বলগীয়া এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰা এই ট্ৰেইনে এই দুই স্থানক সংযুক্ত কৰা বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰেইনৰ তুলনাত, যাত্ৰাৰ সময়ত প্ৰায় ১ ঘণ্টাৰ ৰাহি কৰিব। বন্দে ভাৰতে ৫ ঘণ্টা ৩০ মিনিটত এই যাত্ৰা সম্পূৰ্ণ কৰিব, ইয়াৰ বিপৰীতে বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰৈইনে এই যাত্ৰা সম্পূৰ্ণ কৰাত ৬ ঘণ্টা ৩০ মিনিট সময় লয়।

গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলিবলগীয়া এই বন্দে ভাৰত এক্সপ্ৰেছ খন নিউ আলিপুৰদুৱাৰ, কোকৰাঝাৰ, নিউ বঙাইগাঁও আৰু কামাখ্যা ষ্টেচনত ইয়াৰ ষ্টপেজ থাকিব। আঠ-কোচৰ ৰেলখন সপ্তাহত ছয়দিন চলিব। ৰেলখন পুৱা ৬:১০ বজাত নিউ-জলপাইগুৰি জংচনৰ পৰা ৰাওনা হ’ব আৰু আবেলি গুৱাহাটীত উপস্থিত হ’ব। ৰেলখনৰ উভতনি যাত্ৰা আবেলি ৪:৩০ বজাত গুৱাহাটীৰ পৰা ৰাওনা হ’ব আৰু নিশা প্ৰায় ১০.২০ বজাত নিউ জলপাইগুৰি গৈ পাব।

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰীয়ে আজি ১৮২ ৰুট কিলোমিটাৰৰ নতুন বৈদ্যুতিকীকৰণ কৰা ৰে’ল-খণ্ডসমূহো সমৰ্পিত কৰিব। ইয়াৰ ফলত ট্ৰেইনে দ্ৰুত গতিত যোৱা আৰু ট্ৰেইনৰ যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে প্ৰদূষণমুক্ত পৰিবহণৰ সুবিধা প্ৰদান কৰাত সহায় হ’ব। ইয়াৰ ফলত ইলেক্ট্ৰিক লাইনত চলা ট্ৰেইনো মেঘালয়ত প্ৰৱেশ কৰাত সক্ষম হ’ব।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে অসমৰ লামডিঙত এক নৱনিৰ্মিত ডেমু/মেমু শ্বেডো উদ্বোধন কৰিব। এই নতুন সুবিধাৰ জৰিয়তে এই অঞ্চলত পৰিচালিত ডেমু ৰেকৰ চোৱা-চিতা কৰাত সহায় হ’ব, যাৰ ফলত উন্নত পৰিচালন ক্ষমতা আহৰণ হ’ব।

উল্লেখ্য যে, অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইনে অঞ্চলটোৰ মানুহক দ্ৰুত গতিৰ লগতে আৰামত যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত ৰাজ্যখনত পৰ্যটনো উৎসাহিত হ’ব।

লগতে পঢ়ক – নতুন সংসদ ভৱন দেশৰ প্ৰতি উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply