নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি উৰিষ্যাৰ বালাছোৰৰ ৰে’ল দুৰ্ঘটনাস্থলীলৈ যাব। এক চৰকাৰী সূত্ৰয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী প্ৰথমে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব আৰু ইয়াৰ পিছতেই কটকৰ চিকিৎসালয়লৈও যাব য’ত আহতসকল চিকিৎসাধীন হৈ আছে। তেওঁ আহতসকলৰ স্বাস্থ্যৰ বুজ ল’ব।
উল্লেখ্য যে, উৰিষ্যাৰ বালাছোৰত শুক্ৰবাৰে সংঘটিত হোৱা শোকাবহ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈকে মৃত্যুৰ হোৱা লোকৰ সংখ্যা ২৩৮ জনলৈ বৃদ্ধি পাইছে। লগতে ১,০০০ ৰো অধিক যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।
শোকাবহ ৰে’ল দুৰ্ঘটনাটোৰ পিছতেই বাতিল কৰা হৈছে ৪৮ খনকৈ ৰে’লৰ চলাচল। লগতে, ৩৯ খনকৈ ৰে’লৰ যাত্ৰাপথত বৰ্তমান সলনি কৰি দিয়া হৈছে।
ইতিমধ্যেই কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। লগতে তেওঁ ৰে’ল মন্ত্ৰালয়ৰ তৰফৰ পৰা উক্ত ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।
উল্লখ্যে যে, শনিবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন গোৱা-মুম্বাই মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰো আৰম্ভ হোৱাৰ কথা আছিল কিন্তু উক্ত ৰে’ল দুৰ্ঘটনাৰ পিছতেই উদ্বোধনী অনুষ্ঠানো বাতিল কৰা হৈছে।
লগতে পঢ়ক – প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰৰ আজি শুনানি