নিউজ ডেস্ক- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জাপানৰ হিৰোছিমাত মহাত্মা গান্ধীৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে৷ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিশেষ উপদেষ্টা তথা সাংসদ নাকাটানী জেন, হিৰোছিমা চহৰৰ মেয়ৰ কাজুমী মাটছুই; হিৰোছিমা চহৰ বিধানসভাৰ অধ্যক্ষ টাটছুনৰী ম’টানী; হিৰোছিমানৰ সাংসদ তথা জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গ; ভাৰতীয় সমূদায়ৰ সদস্য আৰু জাপানৰ মহাত্মা গান্ধীৰ অনুৰাগী উপস্থিত থাকে৷

উল্লেখ্য যে, ১৯-২১ মে’, ২০২৩লৈ জি-৭ সন্মিলনলৈ প্ৰধানমন্ত্ৰী যাত্ৰা উপলক্ষে ভাৰত চৰকাৰে ভাৰত আৰু জাপানৰ মাজত বন্ধুত্ব আৰু সদিচ্ছাৰ এক প্ৰতীক হিচাপে হিৰোছিমা চহৰত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিটো উপহাৰ দিছে৷

৪২ ইঞ্চি উচ্চতাৰ এই ব্ৰঞ্জৰ আৱক্ষটো পদ্ম ভূষণ বঁটা বিজয়ী ভাস্কৰ্যশিল্পী ৰাম বানজী ছুটাৰে নিৰ্মাণ কৰিছে৷ মট’য়াছু নদীৰ কাষতে থকা এই আৱক্ষমূৰ্তি স্থলী আইকনিক এ-বম ড’মৰ ওচৰত য’ত প্ৰতিদিনে হাজাৰ হাজাৰ স্থানীয় লোক আৰু পৰ্যটকে ভ্ৰমণ কৰে।

শান্তি আৰু অহিংসাৰ বাবে সংহতিৰ চিন হিচাপে এই স্থান বাছি লোৱা হৈছে। মহাত্মা গান্ধীয়ে শান্তি আৰু অহিংসাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। এই স্থানে প্ৰকৃতাৰ্থত গান্ধীজীৰ নীতি আৰু জীৱনৰ সৈতে অনুৰণন ঘটাইছে, যি বিশ্ব আৰু ইয়াৰ নেতাসকলক অনুপ্ৰাণিত কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply