নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি সকলোকে সীমান্তৱৰ্তী গাঁওসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে।

মোদীয়ে কয় যে, এই ভ্ৰমণে আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব।

অমৃত মহোৎসৱৰ টুইটাৰ হেণ্ডেলৰ এটি টুইট কৰা অনুসৰি, ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ অধীনত ওড়িশাৰ যুৱক-যুৱতীসকলে কিবিথু আৰু টুটিঙৰ গাঁওসমূহ ভ্ৰমণ কৰিছে।

ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমে যুৱক-যুৱতীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন-প্ৰণালী, জনজাতি, লোক সংগীত আৰু হস্তশিল্প সম্পৰ্কে পৰিচয়ৰ এক সুযোগ প্ৰদান কৰিছে আৰু ইয়াৰ স্থানীয় সোৱাদ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যত তেওঁলোক মুগ্ধ হৈছে।

অমৃত মহোৎসৱৰ টুইটটোৰ সঁহাৰি জনাই, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে; “নিশ্চয়কৈ এক স্মৰণীয় অভিজ্ঞতা। মই ভাৰতৰ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি আনকো সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো। ই আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু তেওঁলোকক ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব।”

লগতে পঢ়ক – লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ অৱেশ খানৰ আচৰণক লৈ BCCI ৰ সতৰ্কবাণী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply