ওৰাং : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলী চালনাৰ ঘটনা। বন কৰ্মীৰ গুলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিহত হৈছে এজন চোৰাং চিকাৰী। নিহত চোৰাং চিকাৰীজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

শুকুৰবাৰে নিশাৰ ভাগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এক গুলী চালনাৰ ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনত বন কৰ্মী গুলীত নিহত হয় এজন চোৰাং চিকাৰী। কাছমাৰী আৰু চন্দনপুৰ বন শিবিৰ মাজত সংঘটিত হয় গুলী চালনাৰ ঘটনা।

বন কৰ্মীৰ গুলীত নিহত হোৱা চোৰাং চিকাৰীজনৰ পৰা বন কৰ্মীয়ে এটা দা আৰু কিছু খাদ্য সামগ্ৰী উদ্ধাৰ কৰে। বন বিভাগৰ শীর্ষ বিষয়া আৰু আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত। নিহত চোৰাং চিকাৰীজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply