নিউজ ডেস্ক: যোৱা ১২ মে’ তাৰিখে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনীত মনোজ কলিতা নামৰ এজন সংবাদকৰ্মীক চাৰিদুৱাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন শইকীয়াই অনুষ্ঠানৰ মাজতে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে পূৱৰ বৰ্ষ সমুহৰ দৰে এই বৰ্ষতো কমিটিৰ আমন্ত্ৰণ মৰ্মেই মনোজ কলিতাই বিয়লি ৬ বজাৰ পৰা অনুষ্ঠানটোত ভিডিঅগ্ৰাফী কামত নিয়োজিত হয় । অনুষ্ঠানৰ মাজতে নিশা কমিটিৰ লোকে সংবাদকৰ্মীজনক ভাত খাবলৈ লৈ যায় নিশা প্ৰায় ১২ মান বজাত । ভাত খাই তামোল খোৱাৰ ফলত তেওঁৰ মুৰ ঘুৰাই আৰু হঠাৎ সাংবাদকৰ্মীজন অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰাত তেওঁ কেমেৰা ষ্টেণ্ডৰ কাষতে থকা চকীখনত বহি পৰে। তেনেতে মনোজ কলিতাৰ বমি হয়।

জানিব পৰামতে তেওঁৰ ষ্টেণ্ডৰ কাষত বিহু চাই সন্মুখত বহি আছিল চাৰিদুৱাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন শইকীয়াৰ মাতৃ আৰু বায়েক। হঠাৎবমি কৰাত বমিৰ চিটিকনি হয়তো বিষয়াগৰাকীৰ মাতৃৰ গাত পৰে।

সংবাদকৰ্মীয়ে সুৰাপান কৰি বমি কৰা বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ মাতৃয়ে পুত্ৰক ফোনযোগে জনাই মতাই আনে। পুত্ৰ অৰ্থাৎ উপ-পৰিদৰ্শক আহি কোনো শুধপোচ নকৰাকৈ মনোজ কলিতাক কমিটিৰ দায়িত্বত থকা অৱস্থাত কলাৰত ধৰি দম দিয়ে আৰু নিৰ্মমভাৱে মাৰপিট কৰে বিষয়াগৰাকীৰ লগতে APRG ( কলা ইউনিফৰ্ম) পিন্ধা ৫জন মান জোৱান,এজন ট্ৰেফিক ইনচাৰ্জেও মনোজ কলিতাক ঘেৰাও কৰি মাৰে,টনা আজোৰা কৰে।

তেওঁ সদৌ অসম সাংবাদিক সন্থাৰ বিষয়বাবত থকা সংবাদদাতা বুলি পৰিচয় দিয়াৰ স্বতেও গতামাৰি, চোচৰাই দৰ্শকৰ মাজেৰে বিহু মঞ্চৰ পাছফালে লৈ যায় আৰু সাংবাদিকতাৰ পৰিচয় পত্ৰ খনো হাতৰ পৰা ট্ৰেফিক ইনচাৰ্জে টানি দি মোহাৰি ভাঙি পেলাই দিয়ে। তেওঁ মূৰ, হাত আৰু ভৰিত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে তেওঁক বচাবলৈ যোৱা কাকো সেই আন্ধাৰ স্থানত সোমাব দিয়া নাছিল আৰক্ষীৰ জোৱানকেইজনে।

মাৰধৰ কৰি তেওলোকে মনোজ কলিতাক পথলৈ লৈ আনে মেডিকেল কৰাম বুলি। তাৰ পাছতেই আৰক্ষী জোৱান সকলে ৰাস্তাতে মনোজ কলিতাক এৰি অন্তৰ্ধান হয়। তাৰ পাছতো পুৱা ৫ বজালৈ বিহুসন্মিলনীৰ কাষতে ৰখাই থোৱা নিজ বাহনত বহি থাকিল মনোজ কলিতা।

পুৱা ঘৰ পাই চাৰিদুৱাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এজাহাৰ দাখিল কৰে মনোজ কলিতাই। বিষয়াগৰাকীৰ নিৰ্দেশনা মৰ্মে মনোজ কলিতা স্বাস্থ্য পৰীক্ষা কৰা হয়। এজাহাৰ দিয়াৰ পাছত ১৩ মে’ত গোচৰটো পঞ্জীয়ন কৰা হয় আৰু প্ৰত্যক্ষদৰ্শীয়ে সাক্ষী দিয়ে। ইয়াৰ পাছতে চাৰিদুৱাৰ আৰক্ষী চকীতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সন্মুখত SI নিপন শইকীয়াৰ লগতে মাতৃ আৰু বায়েকে বহুবাৰ ক্ষমা খোজে আৰু গোচৰটো উঠাই লবলৈ অনুৰোধ কৰা বুলি জানিব পৰা গৈছে।

কিন্তু ভুক্তভোগী আৰু পৰিয়ালে এই কথা কোনো কাৰণতে মানি নলয়। ইফালে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়েও ভুক্তভোগীক সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে যে আইনী প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি তদন্ত কৰা হ’ব।

এই ক্ষেত্ৰত শয্যাগত অৱস্থাত থকা আহত ভুক্তভুগী মনোজ কলিতাক শাৰীৰিক তথা মানসিকভাৱে অপদস্থ কৰাৰ লগতে মানহানি কৰি আত্মসন্মানত আঘাত কৰা আৰক্ষী বিষয়াগৰাকীক আৰক্ষীক পদৰ পৰা শীঘ্ৰে বহিস্কাৰ কৰা দাবী জনায়।

লক্ষ্যণীয় বিষয়টো এয়ে যে চাৰিদুৱাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শকজনে ১৩ মে’ পুৱা ১১মান বজাত ভুক্তভোগীৰ আত্মীয়ই ফোন যোগে জনোৱাত সমগ্ৰ ঘটনা গম পায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply