ৰহা : ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ গুলী চালনা। নকল নোট সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীক খুন্দিয়াই পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰে। এজন আৰক্ষীৰ লোক আহত। ৫০ লাখ টকাৰ নকল নোটসহ তিনিজন আটক।

বৃহস্পতিবাৰে ৰহাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীয়ে গুলী চালনা কৰে। নকল নোট সৰবৰাহকাৰীৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত নকল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চিলাইছল। এএছ-০২-এ-৪৩৭৯ নম্বৰৰ এখন চাৰি চকীয়া বাহনত নকল নোট সৰবৰাহকাৰীৰ এটা দল নকল নোট লৈ গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে বাহনখনক ৰাখিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক – পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া

আৰক্ষীক দেখি নকল নোট সৰবৰাহকাৰীৰ দলটোৱে আৰক্ষীক খুন্দিয়াই পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে নকল নোট সৰবৰাহকাৰীৰ বাহনখন খেদি যায় আৰু গুলী চালনা কৰে। আৰক্ষীয়ে ৫০ লাখ টকাৰ নকল নোট জব্দ কৰাৰ লগতে তিনিজন নকল নোট সৰবৰাহকাৰীক আটক কৰে। নকল নোট সৰবৰাহকাৰী তিনিজনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply