নিউজ ডেস্ক- কালি শোণিতপুৰ জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ অভিযানত দায়িত্বত থকা আৰক্ষীৰ  প্ৰচণ্ড গৰমৰ ফলত প্ৰেচাৰ ষ্ট্ৰ’কত মৃত্যু হয়।

জানিব পৰা মতে, আৰক্ষী বিষয়াগৰাকীয়ে উচ্ছেদ স্থলীত পৰিদৰ্শন কৰি থকাৰ সময়তে প্ৰচণ্ড গৰমৰ বাবে প্ৰেছাৰ ষ্ট্ৰ’কত আক্ৰান্ত হয় আৰু কিছু সময় পাছতে মৃত্যু হয়। কৰ্মস্থলীত মৃত্যুক সাৱটি লোৱা আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ নাম দ্বীজেন বৰা।

আৰক্ষী বিষয়াগৰাকীয়ে প্ৰেছাৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ লগে লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়তে আৰক্ষী বিষয়া দ্বীজেন বৰাৰ মৃত্যু হয়।

উল্লেখ্য যে, আৰক্ষী বিষয়াগৰাকী মৰিগাঁও আৰক্ষী থানাত কৰ্মৰত আছিল। আনহাতে বিগত ২৮ মে’ৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অব্যাহত থকা উচ্ছেদ কাৰ্যত বিষয়াগৰাকীক নিয়োজিত কৰা হৈছিল।

আনহাতে কালি শোণিতপুৰ জিলাত দিনৰ ভাগত তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply