নিউজ ডেস্ক – নিশা কাল, ফলৰ দোকানৰ কাষেৰে যাওতে কি জানো মৰ খকে ধৰিছিল! বন্ধ দোকানৰ পৰা কেইটামান, মাত্ৰ কেইটামান আম উলিয়াই আনিছিল তেওঁ। পিছফালে আছিল এটা চিচিটিভি কেমেৰা। কথাটো ভবাই নহ’ল। এতিয়া চাকৰিৰ পৰা নিলম্বন হ’বলগীয়া হ’ল। পকা আম, এটা চিচিটিভি কেমেৰা আৰু এজন আৰক্ষী বিষয়াৰ লোভৰ কাহিনী এয়া। ফলমূলৰ দোকানৰ পৰা প্ৰায় ১০ কেজি আম চুৰি কৰি নিলম্বন হ’ল এগৰাকী আৰক্ষী বিষয়া।

এই কাণ্ড সংঘটিত হৈছে কেৰালাৰ কোট্টায়ম জিলাৰ কাঞ্জিৰাপল্লীত। ঘটনা বিগত আগষ্ট মাহৰে। এই চুৰিকাণ্ড সংঘটিত কৰিছিল পিভি চিহাব নামৰ আৰক্ষী বিষয়া এজনে।

শেহতীয়াকৈ এই চুৰিকাণ্ডৰ এটা চিচিটিভি ফুটেজ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে নিলম্বন কৰে আৰক্ষী বিষয়াজনক।

উল্লেখ্য যে, আগষ্ট মাহৰ এদিন নিশা কৰ্তব্যৰ পৰা ওভতাৰ সময়ত কাঞ্জিৰাপল্লীৰ এখন ফলমূলৰ দোকানৰ পৰা প্ৰায় ১০ কেজি আম চুৰি কৰি নিছিল আৰক্ষী বিষয়া পিভি চিহাবে।

কিন্তু দোকানখনৰ কাষতে থকা চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় আৰক্ষী বিষয়াজনৰ চুৰি কাণ্ড।

সেইসময়ত ৰেইনকোট আৰু হেলমেট পৰিহিত আৰক্ষী বিষয়াজনক প্ৰথমে চিনাক্ত কৰাত অসুবিধা হৈছিল যদিও আৰক্ষী বিষয়াজনৰ বাইকৰ নম্বৰেৰে অভিযান চলাই অৱশেষত এই চুৰিকাণ্ড পিভি চিহাবেই সংঘটিত কৰা বুলি নিশ্চিত হয় আৰক্ষী।

ইয়াৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে ইডুকি আৰক্ষী অধীক্ষকে। ইফালে মুণ্ডাকায়মৰ নিৱাসী অভিযুক্ত আৰক্ষী বিষয়াজন বৰ্তমানো পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তেওঁৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে। আম চুৰি কৰি এনেদৰে আৰক্ষী বিষয়া নিলম্বন হোৱা আৰু দুৰ্ধৰ্ষ অপৰাধীৰ দৰেকৈ পলাই থাকিবলগীয়া হোৱা ঘটনাই পঢ়ুৱৈ শ্ৰোতা দৰ্শকক আমোদ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply