নিউজ ডেস্ক: শনিবাৰে অসম আৰক্ষীত আৰক্ষী অধীক্ষক পৰ্যায়ত কেইটামান গুৰুত্বপূৰ্ণ বদলি ঘোষণা কৰা হয়। গৃহ আৰু ৰাজনৈতিক বিভাগৰ জাননী অনুসৰি ধুবুৰীৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনক বদলি কৰা হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক পদৰ পৰা নটৰাজনক দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ ৰূপে বদলি কৰা হৈছে ।

শিশু নির্যাতনৰ অভিযোগত অভিযুক্ত হোৱাৰ পিচত অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ বদলি ঘটাবলৈ বাধ্য হৈছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ ।
উল্লেখ্য যে অসম আৰক্ষীৰ এই বদলি বিশেষ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। কিয়নো ধুবুৰীৰ আৰক্ষী অধীক্ষক তথা ২০১৪ বৰ্ষৰ আইপিএছ অপর্ণা নটৰাজন শেহতীয়াভাৱে এক বিতৰ্কত সোমাই পৰিছিল। আনকি উচ্চ ন্যায়ালয়েও নটৰাজনক ভর্ৎসনা কৰিব লগা হৈছে। ধুবুৰীৰ বিলাসীপাৰাত হোৱা এটা হত্যাকাণ্ডৰ ঘটনাত কোনো গোচৰ অবিহনেই দুগ্ধপুষ্য শিশুকে ধৰি দুটি সন্তানসহ ৰাকিয়া খাতুন নামৰ এগৰাকী মাতৃক কেইবাদিনো ধৰি লকআপত ৰাখিছিল ধুবুৰী আৰক্ষীয়ে ।
পৰৱৰ্তী পৰ্যায়ত এই ঘটনাটো উচ্চ ন্যায়ালয়ৰ মজিয়া উত্থাপন কৰা হয়। উচ্চ ন্যায়ালয়ে ঘটনাটো যথেষ্ট গুৰুত্ব সহকাৰে লৈ প্ৰয়োজনত চিবিআইৰ তদন্তৰো পোষকতা কৰে । আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনক প্রশ্নও কৰিছিল যে এগৰাকী মহিলা হৈ কেনেকৈ এনে দয়াহীন কাম কৰিব পাৰে ?
ইয়াৰ পিচতেই ধুবুৰী আৰক্ষীৰ এই কাণ্ডক লৈ অস্বস্তিৰ সন্মুখীন হয় অসম আৰক্ষী। সেয়ে ধুবুৰী কাণ্ডক লৈ ন্যায়ালয়ৰ কঠোৰ পদক্ষেপৰ পিচত ধুবুৰীৰ আৰক্ষী অধীক্ষক গৰাকীক বদলি কৰিবলৈ বাধ্য হ’ল অসম আৰক্ষী।