নিউজ ডেস্ক: নগাঁওত আৰক্ষীত জোকাৰণি। সমগ্ৰ ৰাজ্য কপাই যোৱা SI জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাঁও আৰক্ষীত ৰদবদলৰ নিৰ্দেশ নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দ’লেৰ ।
SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ মাজতেই আৰক্ষীয়ে কৰিছে এই বৃহৎ ৰদবদল ।
কনিষ্টবল পৰ্যায়ৰ ১৪৮ গৰাকী আৰক্ষী তৎকালীনভাৱে স্থানান্তৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু তাৰ পাছত আৰক্ষী কনিষ্টবলৰ ৰদ বদলৰ ঘটনাই বৰ্তমান অধিক ৰহস্যৰ সৃষ্টি কৰিছে। ইফালে মৰিকলং আৰক্ষী চকীৰ সকলো কনিষ্টবলক ইতিমধ্যে জেৰা চলাইছে CID য়ে।