নগাঁৱৰ ৰূপহীহাটত পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।
নিশা ৰূপহীহাটত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ ব্যৱসায়ী ৰমিজুল ইছলাম। ৰমিজুল ইছলামৰ ঘৰ নাঙলদোৱাত।
জানিব পৰা মতে, বৰতলত সংঘটিত হৈছে এই ঘটনাটো। বহুদিনৰ পৰা ড্ৰাগছ সৰবৰাহ কাৰ্যৰ সৈতে জড়িত আছিল ৰমিজুল ইছলাম। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ৭৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে।
আনহাতে, ড্ৰাগছ ব্যৱসায়ী ৰমিজুল ইছলামে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে তেওঁক গুলীচালনা কৰে।
ইতিমধ্যে গুলীবিদ্ধ ৰমিজুল ইছলামক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।