নিউজ ডেস্ক- কালি পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সভাকক্ষত আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ ক্রাইম কনফাৰেঞ্চ অনুষ্ঠিত হয়। উক্ত কনফাৰেঞ্চত বৰপেটা, বজালী, তামুলপুৰ, নলবাৰী আৰু বাক্সা জিলা আৰক্ষী অধীক্ষক আৰু চি আই ডিৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
কনফাৰেঞ্চত আৰক্ষী সঞ্চালক জি পি সিঙে কয় যে, এতিয়া কেৱল আনন্দ মিশ্ৰই নহয়, সকলো আৰক্ষী অধীক্ষকে মুখ বন্ধ কৰিব লাগিব। সংবাদ মাধ্যমৰ আগত অসমৰ কোনো জিলা আৰক্ষী অধীক্ষকে মন্তব্য দিব নোৱাৰিব। আৰক্ষীয়ে নিজৰ কথা জনাব নালাগে, আৰক্ষীয়ে কি কৰিছে সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। প্রত্যেক জিলাতে আৰক্ষীৰ মুখপাত্র নিয়োগ কৰা হ’ব। সংবাদমেলত প্রয়োজন সাপেক্ষে মুখপত্রই বক্তব্য দিব।
লগতে তেওঁ কয় আৰক্ষী সঞ্চালক প্রধানজনে আনকি নিজেও সততে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ পৰা বিৰত থাকিব।
আনহাতে, যিসকল আৰক্ষী উপ-পৰিদৰ্শকে ১ জুনৰ ভিতৰত সম্পত্তিৰ হিচাপ দাখিল কৰা নাই, তেনে আৰক্ষীক থানা আৰু আৰক্ষী চকীত নিযুক্তি নিদিবলৈ সঞ্চালক প্রধানে নির্দেশ দিয়ে আৰু ইতিমধ্যে ৯০ৰ পৰা ৯৫% আৰক্ষী উপ-পৰিদৰ্শকে হিচাপ দাখিল কৰা বুলি মন্তব্য কৰে।