নিউজ ডেস্কঃ কঠোৰ হৈছে ডিজিপি জি পি সিঙ। এতিয়াৰে পৰা কোনো আৰক্ষীয়ে ডিজিপিৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰিব নোৱাৰিব অসম আৰক্ষীয়ে। বিশেষকৈ আৰক্ষীৰ পলিচিৰ সমূহৰ সন্দৰ্ভত জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনাটো।
উল্লেখ্য যে, শেহতীয়া ভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ পিছত বিভিন্ন বাতৰি আৰু ভাষ্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এনেধৰণৰ অসম আৰক্ষীৰ ভাষ্যই জনসাধাৰণক এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে বিভ্ৰান্তিৰ পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ আৰু সুশৃংখলতা বজাই ৰাখিবলৈ এনে নিৰ্দেশনা জাৰি কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে।
লগতে পঢ়ক – Live: জোনমণি ৰাভাৰ মৃত্যুৰ আদ্যোপান্ত